বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ বাবে ফিৰোজপুৰৰ এছএছপি অৱনীত হন্সক দোষী সাৱ্যস্ত কৰে। ভাৰতৰ শীৰ্ষ ন্যায়ালয়ে কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ কনভয় কেভেলকেড পথত প্ৰৱেশ কৰাৰ খবৰ দুঘণ্টা পূৰ্বতে তেওঁক অৱগত কৰা হৈছিল আৰু পৰ্যাপ্ত বল উপলব্ধ থকাৰ পাছতো অৱনীত হান্সে তেওঁৰ কৰ্তব্য পালন কৰাত ব্যৰ্থ হৈছিল।
উক্ত ঘটনাটোৱে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ত্ৰুটিক লৈ এক বৃহৎ ৰাজনৈতিক বিবাদৰ সৃষ্টি কৰিছিল আৰু দেশৰ গৃহমন্ত্ৰীয়ে 'নিৰাপত্তা ব্যৱস্থাত হোৱা এনে গুৰুত্বৰ ত্ৰুটি'ৰ অনুসন্ধানৰ বাবে তিনিজনীয়া সমিতি এখন গঠন কৰিছিল যাৰ ফলত 'ভিভিআইপিৰ গুৰুত্বৰ সুৰক্ষা বিপদাশংকাৰ সংস্পৰ্শলৈ আনিছিল।'
মন কৰিব লগীয়া যে, চলিত বৰ্ষৰ জানুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ প্ৰাক্তন ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত এখন তদন্ত সমিতি নিযুক্ত কৰিছিল। ঘটনাটোত কোনো অপৰাধমূলক ষড়যন্ত্ৰ আছে নে নাই সেই সন্দৰ্ভত তদন্ত কৰিবলৈ আৰু লগতে পঞ্জাৱ আৰক্ষী বিষয়াৰ ভূমিকাৰ তদন্ত কৰিবলৈ উক্ত সমিতি নিযুক্ত কৰা হৈছিল।
এইখিনিতেই উল্লেখনীয় যে, কংগ্ৰেছশাসিত ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। বিগত ৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ কনভয় ওলোৱা সময়ত কিছু প্ৰতিবাদকাৰীয়ে তেওঁ যাব লগা পথ অৱৰোধৰ কৰিছিল যাৰ ফলত তেওঁ হুছেইনিৱালাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বৰ এখন উৰণীয়া সেঁতুত ২০ মিনিটৰ বাবে আৱদ্ধ হৈ থাকিব লগা হৈছিল। এই ঘটনাৰ পাছতেই প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লগা এটা অনুষ্ঠানত উপস্থিত নোহোৱাকৈ উভতি আহিব লগা হৈছিল।
আনহাতে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে নিৰাপত্তা ৰক্ষাৰ বাবে পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছিল। অৱশ্যে পঞ্জাৱ চৰকাৰে কয় যে প্ৰধানমন্ত্ৰীয়ে আগতীয়াকৈ নিৰ্ধাৰিত আহিব লগা পথ শেষ মুহূৰ্তত সলনি কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|