উচ্চতম ন্যায়ালয়ে কয় যে গণতন্ত্ৰ জনতাৰ অভিব্যক্তিৰ দ্বাৰা চালিত, কিন্তু ইয়াৰ এটা সীমা আছে। যদি পথ বন্ধ কৰে তেন্তে সমস্যাৰ সৃষ্টি হয়। যান–বাহনৰ চলাচল বন্ধ হোৱা উচিত নহয়। যদি সকলো লোকে পথ বন্ধ কৰিবলৈ লয়, তাৰ কাৰণ যিয়েই নহওক, তেন্তে কি হ’ব। আমাৰ উদ্বেগৰ কাৰণ হ’ল প্ৰতিবাদ ৰাজপথত কৰা হৈছে।
কেৱল শ্বাহীন বাগেই নহয়, আন ঘটনাৰ ক্ষেত্ৰতো যদি পথ অৱৰোধ কৰা হয় তেন্তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ব। বিগত ৬৪ দিন ধৰি শ্বাহীন বাগত প্ৰতিবাদ হৈ আছে, কিন্তু কোনো প্ৰতিবাদকাৰীক আঁতৰ কৰিব পৰা নাই। আলোচনাৰ মাধ্যমেৰে সমাধানসূত্ৰ নোলালে কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অধিকাৰ দিয়া হ’ব।