আজি ন্যায়াধীশ সঞ্জয় কিষণ কৌলৰ নেতৃত্বত গঠিত এখন তিনিজনীয়া বিচাৰপীঠে দিল্লীৰ শ্বাহীন বাগত অনুষ্ঠিত হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বৈধতা সন্দৰ্ভত ৰায় প্ৰদান কৰে। ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে কয় – ৰাইজৰ যাতায়াতৰ পথ প্ৰতিবাদৰ নামত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰাখিব নোৱাৰি। এনে পৰিস্থিতিত প্ৰশাসনে আদালতৰ নির্দেশ নোহোৱাকৈ ব্যৱস্থা ল’ব পাৰে।
সাৰ্বজনীক স্থানত প্ৰতিবাদ সব্যস্ত কৰাতকৈ এক নিৰ্দিষ্ট স্থানত প্ৰতিবাদ সাব্যস্ত কৰাৰো পোষকতা কৰে সৰ্বোচ্চ ন্যায়ালয়ে। সংবিধানে বিৰোধিতাৰ অধিকাৰ দিছে কিন্তু এই অধিকাৰ দায়িত্ববোধৰ লগত সন্তুলন বনাই ৰাখি সাব্যস্ত কৰিব লাগে বুলিও কয় উচ্চতম ন্যায়ালয়ে।
উল্লেখযোগ্য নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই বহুকেইখন লেখ আবেদন উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। দিল্লীৰ শ্বাহীন বাগত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছত আইনখনৰ বিৰোধিতা কৰি তিনিমাহ প্ৰতিবাদ সাব্যস্ত হৈছিল। তিনিমাহৰ কাৰণে দিল্লী-নয়দা সংযোগী পথটো বন্ধ হৈ আছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 07, 2020, 13:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|