INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিদাম্বৰমৰ অধিবক্তা। আজি পুৱা ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ত চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিষয়টো মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ঠেলি দিয়ে। ন্যায়াধীশ ৰমনাই কয় যে এই গোচৰটো মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয়তা আছে।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদনক লৈ গ্ৰহণ কৰিব সিদ্ধান্ত। দুপৰীয়া ১ বজাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰিব দেশৰ মুখ্য ন্যায়াধীশে। অযোধ্যা বিবাদৰ শুনানি গ্ৰহণৰ পিছতহে চিদাম্বৰমৰ জামিন আবেদনৰ সিদ্ধান্ত লোৱা হ’ব উচ্চতম ন্যায়ালয়ত।
পি চিদাম্বৰমৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক–আউট নটিচ। বিমান বন্দৰেৰে বিদেশলৈ যাব নোৱাৰিব চিদাম্বৰম। বিদেশলৈ যোৱাৰ পূৰ্বে ল’ব লাগিব আদালতৰ অনুমতি। উল্লেখযোগ্য যে মঙলবাৰৰ পৰা তিনিবাৰকৈ CBI আৰু ED–এ অভিযান চলাইছিল চিদাম্বৰমৰ বাসগৃহত। কিন্তু দিল্লীস্থিত বাসগৃহত উপস্থিত নাছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|