আদালতৰ মজিয়াত বোম্বে উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক লৈ চলি থকা চৰ্চাৰ আন এটা শুনানি আছিল আজি। এই গোচৰ আছিল এগৰাকী ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ওপৰত তৰা গোচৰ। বোম্বাই উচ্চ ন্যায়ালয়ৰ ছালৰ স্পৰ্শক (Skin to Skin Contact) লৈ দিয়া ৰায়টো প্ৰসংগত মঙলবাৰে উচ্চতম ন্যায়ালয়ে আইনী পৰিসেৱা সমিতিক ছোৱালীজনীক উৎপীড়ন কৰা দুয়োটা গোচৰৰ অভিযুক্তৰ হৈ আবেদন কৰিবলৈ নিৰ্দেশ দিয়ে।
উচ্চতম ন্যায়ালয়ে এমিক্স কিউৰী সিদ্ধাৰ্থ দাভেক গোচৰটোত সহায় কৰিবলৈ কয়। ইফালে, এটৰ্নি জেনেৰেল কে কে বেণুগোপালে আদালতক জনায়– 'যদি এজন ব্যক্তিয়ে কাইলৈ এযোৰ অস্ত্ৰোপচাৰৰ হাতমোজা পিন্ধে আৰু এগৰাকী মহিলাৰ শৰীৰ স্পৰ্শ কৰে, তেন্তে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি তেওঁক যৌন নিৰ্যাতনৰ বাবে শাস্তি দিয়া নহ'ব। বোম্বে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত এটা অপমানজনক উদাহৰণ।'
উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ত জড়িত দুয়োটা গোচৰত অভিযুক্তৰ হৈ কোনেও আদালতত হাজিৰ নোহোৱাত আইনী সেৱা সমিতিক দায়িত্ব দিয়ে। আদালতে এতিয়া ১৪ ছেপ্টেম্বৰত গোচৰটোৰ শুনানি ল'ব।
উল্লেখ্য, স্থানীয় আদালতে এগৰাকী ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ওপৰত তৰা গোচৰৰ অপৰাধী ৩৯ বছৰীয়া এগৰাকী পুৰুষক ৩ বছৰৰ কাৰাদণ্ড দিয়ে যদিও তেওঁ বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। বোম্বে আদালতে ৰায়দান কৰি কৈছিল যে ছালৰ স্পৰ্শ নোহোৱা কোনো ঘটনাক যৌন নিৰ্যাতন বুলি গণ্য কৰা নহয়। বোম্বে আদালতৰ এই ৰায় দেশজুৰি চৰ্চিত হয় আৰু য়ুথ বাৰ এছোচিয়েচনে এই ৰায় বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে। উচ্চতম ন্যায়ালয়ে যোৱা ২৭ জানুৱাৰীত এই ৰায়যোগে বোম্বে উচ্চ ন্যায়লয়ৰ এই ৰায় স্থগিত ৰাখে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|