আদালত আৱমাননাৰ গোচৰত ৰাহুল গান্ধীক ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে। ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনা মঞ্জুৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কয় যে ৰাহুল গান্ধীৰ মন্তব্য দুৰ্ভাগ্যজনক। ৰাহুল গান্ধীয়ে মন্তব্য কৰাৰ সময়ত সতৰ্ক হোৱা উচিত।
বিজেপিৰ সাংসদ মীনাক্ষি লেখীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰিছিল আদালত আৱমাননাৰ গোচৰ। লোকসভা নিৰ্বাচনৰ সময়ত ৰাফেল যুদ্ধবিমান ক্ৰয়ক লৈ ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক চোৰ আখ্যা দি প্ৰচাৰ চলাইছিল। উচ্চতম ন্যায়ালয়ে ক্লীনশ্বীট দিয়াৰ পিছতো ৰাহুল গান্ধীয়ে মোদীৰ বিৰুদ্ধে এই প্ৰচাৰ অব্যাহত ৰখাত বিজেপি সাংসদগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ তৰিছিল।
মীনাক্ষি লেখীয়ে আবেদনত উল্লেখ কৰিছিল যে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত ৰাজনীতিৰ সৈতে জড়িত কৰিছে। অৱশ্যে এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে ক্ষমাৰ আবেদন দাখিল কৰিছিল যদিও আদালতে কোনো ৰেহাই প্ৰদান কৰা নাছিল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|