এক মাহৰো অধিক সময় ধৰি কেন্দ্ৰৰ ৩খন কৃষি আইনৰ বিৰোধিতাৰে অব্যাহত থকা কৃষক আন্দোলনক লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে কোভিড–১৯ মহামাৰী আৰু কৃষক আন্দোলনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে কৃষকৰ আন্দোলন ২০২০ত দিল্লীৰ নিজামুদ্দিন অঞ্চলত উৎপন্ন হোৱা তবলিগী জামাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। উচ্চতম ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰে যে আন্দোলনত কৃষকে কোৰোণাৰ সংক্ৰমণৰ প্ৰচাৰৰ বিৰুদ্ধে পদক্ষেপ লৈছে নেকি?
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত বৃহস্পতিবাৰে হোৱা শুনানিত কোৱা হয় যে, দিল্লীৰ সীমান্তত কৃষকৰ আন্দোলনস্থলীত কোৰোণা ভাইৰাছৰ সংক্ৰমণ বাঢ়িব পাৰে। বাৰ এণ্ড বেন্স ডট কমৰ ৰিপৰ্ট অনুসৰি, কেন্দ্ৰীয় চৰকাৰক কোৰ্টে এই বিষয়েও প্ৰশ্ন কৰিছে যে,আন্দোলনস্থলীত স্বাস্থ্য মন্ত্ৰণালয়ৰ গাইড লাইন পালন সুনিশ্চিত কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰা হৈছে?
স্বাস্থ্যজনিত সমস্যাৰ সন্দৰ্ভত উত্থাপিত হোৱা প্ৰশ্নৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, দিল্লী চৰকাৰ আৰু দিল্লীৰ আৰক্ষীক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 07, 2021, 17:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|