
rafale
মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে কয় যে আমি নাভাবো যে এই গোচৰৰ কোনো ধৰণৰ বিচাৰ হ’ব লাগে।
ৰাফেল বিতৰ্কক লৈ মোদী চৰকাৰক ডাঙৰ সকাহ উচ্চতম ন্যায়ালয়ৰ। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠে ৰাফেল বিতৰ্কক লৈ দাখিল হোৱা সকলো পুনৰীক্ষণ আবেদন খাৰিজ কৰিছে। ন্যায়ালয়ে ১৪খন যুঁজাৰু বিমানৰ চুক্তি অব্যাহত ৰাখি ২০১৮ চনৰ ১৪ ডিচেম্বৰৰ ৰায় বাহাল ৰাখে।
মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে কয় যে আমি নাভাবো যে এই গোচৰৰ কোনো ধৰণৰ বিচাৰ হ’ব লাগে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শপতনামাত হোৱা ভুলো মানি লয়।
উল্লেখযোগ্য যে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধবিমান ক্ৰয়ক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ৰায় দি মোদী চৰকাৰক ক্লীনশ্বীট প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে। ২০১৮ চনৰ ১৪ ডিচেম্বৰত প্ৰদান কৰা এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণ আৱেদন দাখিল কৰিছিল অধিবক্তা প্ৰশান্ত ভূষণ আৰু বাজপেয়ী চৰকাৰৰ সময়ৰ কেন্দ্ৰীয় মন্ত্ৰীদ্বয় যশৱন্ত সিনহা আৰু অৰুণ শ্বোৰীয়ে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|