NRCৰ শুনানিৰ বাবে সেই সময়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমনৰে গঠিত বিশেষ বিচাৰপীঠখন ভংগ কৰি দিয়া হৈছে। ৰঞ্জন গগৈৰ অৱসৰৰ পিছত নতুন দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই ভংগ কৰিছে বিচাৰপীঠখন।
এতিয়াৰ পৰা দেশৰ মুখ্য ন্যায়াধীশৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি। সেয়ে ২৬ নৱেম্বৰৰ দিনাখন তালিকাভুক্ত হৈ থকা সত্ত্বেও নহ’ল NRCৰ শুনানি। ১৪ নম্বৰত তালিকাভুক্ত হৈ আছিল NRCৰ গোচৰ আৰু বিচাৰপীঠে ৮ নম্বৰ গোচৰলৈকে শুনানি লওতেই সময় উকলি যায়।
ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নাৰিমনে NRCৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ভালেকেইটা নিৰ্দেশ প্ৰদান কৰিছিল। এতিয়া অৱশ্যে NRCৰ বিচাৰপীঠৰ অংশ নহয় ন্যায়াধীশ নাৰিমন।
২০১৩ চনৰ পৰা ন্যায়াধীশ ৰঞ্জন গগৈয়ে NRCৰ শুনানি গ্ৰহণ কৰি আছিল। ৬টা বছৰে ন্যায়াধীশ গগৈয়ে ৪জন ভিন্ন ভিন্ন ন্যায়াধীশৰে বিশেষ বিচাৰপীঠত শুনানি গ্ৰহণ কৰি আছিল। তাৰ ভিতৰত সৰ্বাধিক সময়ৰ বাবে আছিল ন্যায়াধীশ নাৰিমন।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|