কেইবাগৰাকীও আবেদনকাৰীৰ ভিতৰত বিজেপি নেতা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত দাবী জনাইছিল যে অপৰাধজনিক ঘটনাত লিপ্ত নেতাক নিৰ্বাচনৰ টিকট নিদিবলৈ ৰাজনৈতিক দলৰ ওপৰত হেঁচা দিয়াৰ বাবে ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ক। এনে ঘটনাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে দলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। এই বিষয়ৰ ওপৰত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে প্ৰশ্ন কৰে যে কি বাধ্যত পৰি দলে অপৰাধৰ সৈতে জড়িত ব্যক্তিক টিকট দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ে কয়, ‘যদি ৰাজনৈতিক দলে অপৰাধৰে জড়িত ব্যক্তিক টিকট দিয়ে, তেন্তে দলে ইয়াৰ কাৰণো দৰ্শাব লাগিব। ৰাজনৈতিক দলে জনাব লাগিব যে কিয় কোনো অপৰাধমুক্ত ব্যক্তিক টিকট দিব নোৱাৰিলে?’
কোনো দাগী ব্যক্তিক টিকট দিলে তেওঁৰ যোগ্যতা, অনুভৱ আদি ৭২ ঘণ্টাৰ ভিতৰত নিৰ্বাচন আয়োগক জনাব লাগিব। যদি কোনো দলে এই নিৰ্দেশ পালন নকৰে তেন্তে নিৰ্বাচন আয়োগে আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব।