উচ্চতম ন্যায়ালয়ত ‘ভুৱা আপত্তি' প্ৰদানৰ বিষয় উত্থাপন, ২ লাখৰো অধিক ওজৰ আপত্তি জমা হৈছিল NRC কৰ্তৃপক্ষৰ ওচৰত

 জমা হোৱা ২ লাখৰো অধিক ওজৰ আপত্তিৰ শুনানি প্ৰক্ৰিয়াত আপত্তিকাৰী উপস্থিত নথকাৰ কথা সমন্বয়কে অৱগত কৰে উচ্চতম ন্যায়ালয়ক। 

news18assam
Updated:May 8, 2019, 6:50 PM IST
উচ্চতম ন্যায়ালয়ত ‘ভুৱা আপত্তি' প্ৰদানৰ বিষয় উত্থাপন, ২ লাখৰো অধিক ওজৰ আপত্তি জমা হৈছিল NRC কৰ্তৃপক্ষৰ ওচৰত
ফাইল ফটো
news18assam
Updated: May 8, 2019, 6:50 PM IST
আজি উচ্চতম ন্যায়ালয়ত NRCৰ শুনানি গ্ৰহণ। NRC কেন্দ্ৰত ‘ভুৱা আপত্তি' প্ৰদানৰ বিষয়টো উত্থাপন কৰে NRC সমন্বয়ক প্ৰতীক হাজেলাই। জমা হোৱা ২ লাখৰো অধিক ওজৰ আপত্তিৰ শুনানি প্ৰক্ৰিয়াত আপত্তিকাৰী উপস্থিত নথকাৰ কথা সমন্বয়কে অৱগত কৰে উচ্চতম ন্যায়ালয়ক।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ দ্বাৰ গঠিত খণ্ড বিচাৰপীঠে সমন্বয়কক এইধৰণৰ আপত্তিসমূহ এক পক্ষীয়ভাৱে নিয়ম অনুযায়ী নিষ্পত্তি কৰিবলৈ নির্দেশ দিয়ে। আনহাতে আন আপত্তিসমূহো নিষ্পত্তি কৰিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব উচ্চতম ন্যায়ালয়ে সমন্বয়কক অৰ্পণ কৰে। আৰু লগতে পূৰ্ণাংগ NRC ৩১ জুলাইত প্ৰকাশ কৰিবলৈ পুনৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী শুনানিৰ দিন ১০ জুলাইত ধার্য কৰা হৈছে।

উল্লেখ্য যে  আছু আৰু ৩০টা জনজাতীয় ছাত্ৰ সংগঠনৰ পৃষ্ঠপোষকতাত ২ লাখৰো অধিক ওজৰ আপত্তি জমা হৈছিল NRC কৰ্তৃপক্ষৰ ওচৰত। কিন্তু শুনানি প্ৰক্ৰিয়াত গৰিষ্ঠসংখ্যক আপত্তিকাৰী উপস্থিত নথকাত সেই আপত্তিসমূহ ভুৱা বুলি আখ্যা দিছিল বহু দল-সংগঠনে।

দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ প্ৰতিবেদন।
আৰু চাওক পৰৱৰ্তী বাতৰি