Maharashtra Floor Test: আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সংখ্যগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দি কাইলৈ আস্থা ভোটৰ আহ্বান কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজ্যপালে। Maharashtra Floor Test: আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সংখ্যগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দি কাইলৈ আস্থা ভোটৰ আহ্বান কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজ্যপালে। অৱশেষত অৱধাৰিতভাৱেই আস্থা ভোটেই শেষ পৰিণতি হ'ল মহাৰাষ্ট্ৰৰ শ্বাসৰুদ্ধকৰ ৰাজনৈতিক নাটক (Maharashtra Political Crisis)ৰ। আজি উচ্চতম ন্যায়ালয়ে (Supreme Court of India)মহাৰাষ্ট্ৰ বিধানসভাত আস্থা ভোট (Floor Test)ৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগে লগে এক প্ৰচণ্ড অগ্নিপৰীক্ষাৰ সন্মুখীন হ'বলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। কাইলৈ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব উদ্ধৱ থাকৰে (Uddhav Thackeray)ই।
উল্লেখ্য যে আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সংখ্যগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দি কাইলৈ আস্থা ভোটৰ আহ্বান কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজ্যপালে। ৰাজ্যপালৰ এই নিৰ্দেশক অসাংবিধানিক আখ্যা দি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিৱ সেনা। আজি সন্ধিয়া শিৱ সেনাৰ আবেদনৰ শুনানি গ্ৰহণৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাজ্যপালৰ আস্থা ভোটৰ নিৰ্দেশক বাহাল ৰাখে।
লক্ষণীয় হ'ব মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই চৰকাৰ ৰক্ষা কৰিব পাৰিবনে নাই?
Published by: Manjumoni Borah
First published: June 29, 2022, 21:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|