এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিচ কিশন কৌল আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই ৰায় দিয়ে।
এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিচ কিশন কৌল আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই ৰায় দিয়ে।
উচ্চতম ন্যায়ালয়ে নিজৰ এক ৰায়ত কয় যে যদি কন্যাই নিজৰ পিতৃৰ সৈতে কোনো সম্পৰ্ক নাৰাখে তেন্তে তেওঁ পিতৃৰ পৰা ধন বিচৰাৰ অধিকাৰো নাই। উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্টকৈ কয় যে যদি কোনো সন্তানে নিজৰ পিতৃৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে তেন্তে তেওঁৰ পৰা ধন বিচৰাৰো অধিকাৰ নাই। এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিচ কিশন কৌল আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই ৰায় দিয়ে।
উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰে যে কন্যাই যদি দীৰ্ঘ সময় ধৰি পিতৃৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে তেন্তে তেওঁ নিজৰ পিতৃৰ পৰা টকা বিচৰাৰ কোনো অধিকাৰ নাই।
এই গোচৰটোত যুৱতীগৰাকীৰ বয়স ২০ বছৰ আছিল আৰু তেওঁৰ পথ নিজেই বাচি লোৱাৰ বাবে স্বতন্ত্ৰ আছিল। তেওঁ পিতৃৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰখা নাছিল। এনে অৱস্থাত তেওঁ নিজৰ পঢ়া–শুনাৰ বাবে ধন বিচাৰিব নোৱাৰে।অৱশ্যে নিজৰ এই ৰায়ত সৰ্বোচ্চ ন্যায়ালয়ে এয়াও উল্লেখ কৰে যে যদি মাতৃয়ে বিচাৰে তেন্তে কন্যাক সহায় কৰিব পাৰে।
সৰ্বোচ্চ ন্যায়ালয়ে তালাকৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। য’ত স্বামীয়ে নিজৰ বৈবাহিক অধিকাৰ পুনৰুদ্ধাৰৰ বাবে এক আবেদন দাখিল কৰিছিল, যিখন পঞ্জাব আৰু হাৰিয়ানা ন্যায়ালয়ে অস্বীকাৰ কৰিছিল।
ইয়াৰ পিছত লোকজনে সৰ্বোচ্চ ন্যায়ালয়ত নিজৰ তালাকৰ বাবে আবেদন জনাইছিল। এই গোচৰটো সৰ্বোচ্চ ন্যায়ালয়ৰ মধ্যস্থতা কেন্দ্ৰত বিবেচনাৰ চেষ্টা কৰা হৈছিল। য’ত ডিভোৰ্চ আবেদন পেণ্ডিং হৈ আছিল। পিতৃ আৰু কন্যাৰ মাজৰ সম্পৰ্ক পুনৰমিলন প্ৰক্ৰিয়াৰ বাবে ৰখা হৈছিল। কন্যাই জন্মৰে পৰা নিজৰ মাতৃৰ সৈতে আছিল আৰু এতিয়া বয়স ২০ বছৰ। তেওঁ পিতৃক চাবলৈও অস্বীকাৰ কৰিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে ৰায় দিয়ে যে যুৱতীগৰাকীয়ে নিজৰ শিক্ষাৰ বাবে কোনো ধৰণৰ ধন বিচৰাৰ অধিকাৰ নাথাকিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|