
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল আজি আনুষ্ঠানিক ভাবে অন্ত পৰিল। অৱসৰৰ মুহূৰ্তত CJI গগৈয়ে প্ৰকাশ কৰিলে লিখত বিবৃতি
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল আজি আনুষ্ঠানিক ভাবে অন্ত পৰিল। অৱসৰৰ মুহূৰ্তত CJI গগৈয়ে প্ৰকাশ কৰিলে লিখত বিবৃতি
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল আজি অন্ত পৰিল। অৱসৰৰ প্ৰাক মুহূৰ্তত CJI গগৈয়ে প্ৰকাশ কৰিলে লিখত বিবৃতি। সংবাদ প্ৰতিষ্ঠান সমূহৰ সাক্ষাৎকাৰৰ অনুৰোধ সন্দৰ্ভত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰকাশ কৰিলে লিখিত বিবৃতি। অৱসৰৰ মুহূৰ্তত সংবাদ মাধ্যমৰে কথা নাপাতে মুখ্য ন্যায়াধীশগৰাকীয়ে । বিবৃতিত উল্লেখ কৰে যে, ‘ন্যায়ধীশ সকলে নিজৰ স্বতন্ত্ৰতা বৰ্তাই ৰাখিবলৈ মৌনতা অৱলম্বন কৰিব লাগে।কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে একোৱেই নকব। কিন্তু ন্যায়ধীশ সকলে তেওঁলোকৰ কামৰে জড়িত হৈ থকা বিষয় সমূহত মন্তব্যৰ পৰা বিৰত থাকিব লাগে সততা সদায় মনত থাকিব লাগে।’
আজি উচ্চতম ন্যায়ালয় বাৰ Association ৰ উদ্যোগত উচ্চতম ন্যায়ালয়ৰ বাকৰিত হ’ব লগা বিদায় সভাতো ভাষণ প্ৰদান নকৰে ৰঞ্জন গগৈয়ে। ৰঞ্জন গগৈয়ে বিবৃতিটোত লগতে কয় যে, ‘মই এনে এক প্ৰতিষ্ঠানৰে জড়িত আছিলোঁ যাৰ শক্তি হৈছে ৰাইজৰ আস্থা আৰু বিশ্বাস । ইয়াৰ বৰ্হিপ্ৰকাশ সংবাদ মাধ্যমৰ যোগেদি কৰাতকৈ নিজৰ কৰ্মৰ জৰিয়তে কৰিব লাগে’ আজি মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰও দৰ্শন কৰে দেশৰ মুখ্য ন্যায়াধীশৰ গৰাকীয়ে ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|