জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ উঠাই লোৱাৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়, এই বিষয়টো অতি গম্ভীৰ, প্ৰয়োজন হ’লে মই নিজে পৰিস্থিতিৰ বুজ ল’বলৈ শ্ৰীনগৰ যাম। দৰাচলতে শিশুৰ শোষণৰ সৈতে জৰিত এক বিষয়ৰ শুনানিৰ সময়ত তেওঁ এই উদ্বিগ্নতা প্ৰকাশ কৰে। আৱেদনকাৰী অধিবক্তাই কৈছিল যে, কাশ্মীৰত বন্ধ চলি থকাৰ কাৰণে অধিবক্তা হাইকৰ্টত উপস্থিত হ’ব পৰা নাই।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, মানুহে হাইকৰ্টত উপস্থিত হ’ব নোৱাৰাটো এক গম্ভীৰ বিষয়। তেওঁ সোধে যে, মানুহে কৰ্টত উপস্থিত হোৱাত অসুবিধা পাই আছে নে কি? পৰিস্থিতি গম্ভীৰ তেনেহ’লে, এনেকুৱাত প্ৰয়োজন হ’লে মই নিজে শ্ৰীনগৰ যাম। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত জম্মু কাশ্মীৰ হাইকৰ্টক এক ন’টিচ প্ৰেৰণ কৰিছে।
![]()
উচ্চতম ন্যায়ালয়ে জম্মু–কাশ্মীৰ হাইকৰ্টৰ ন্যায়াধীশক এই অভিযোগ সন্দৰ্ভত প্ৰতিবেদন দিয়াৰ নিৰ্দেশ দিছে। ইয়াত সোধা হৈছে যে সঁচাকৈ মানুহে হাইকৰ্টৰ সৈতে সম্পৰ্ক স্থাপন কৰাত সমস্যা পাইছে নে কি? মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আৱেদনকাৰী অধিবক্তাক কয় যে, যদি সঁচাকৈ মানুহে উচ্চ ন্যায়ালয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰাত অসুবিধা পাইছে তেনেহ’লে এই পৰিস্থিতি অত্যন্ত গম্ভীৰ, মই নিজে শ্ৰীনগৰ যাম। যদি জম্মু–কাশ্মীৰৰ হাইকৰ্টৰ ন্যায়াধীশৰ প্ৰতিবেদন ইয়াৰ বিপৰীত হয় তেনেহ’লে পৰিণতিৰ কাৰণে সাজু থাকক।
দুজন শিশু অধিকাৰ কৰ্মীৰ অধিবক্তাই ছুপ্ৰীম কৰ্টত অভিযোগ কৰিছিল যে মানুহে হাইকৰ্টত নিজৰ কথা ক’বলৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|