নিৰ্ভয়া কাণ্ডৰ দোষীলৈ উচ্চতম ন্যায়ালয়ৰ জাননী, ১১ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি

News18 Assam | News18-Assam
Updated:February 7, 2020, 3:21 PM IST
নিৰ্ভয়া কাণ্ডৰ দোষীলৈ উচ্চতম ন্যায়ালয়ৰ জাননী, ১১ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি
দুদিন পূৰ্বে নিৰ্ভয়া কাণ্ডৰ দোষীক বেলেগে বেলেগে ফাঁচি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাখিল কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল।

দুদিন পূৰ্বে নিৰ্ভয়া কাণ্ডৰ দোষীক বেলেগে বেলেগে ফাঁচি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাখিল কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীক পৃথকে পৃথকে ফাঁচি দিয়াৰ দাবীৰে কেন্দ্ৰই দাখিল কৰা আবেদনৰ শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে। ১১ ফেব্ৰুৱাৰীত হ’ব পৰৱৰ্তী শুনানি। উচ্চতম ন্যায়ালয়ে চাৰিওজন দোষীলৈ জাননী জাৰি কৰি শীঘ্ৰে নিজৰ আইনী বিকল্প ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছে।

দুদিন পূৰ্বে নিৰ্ভয়া কাণ্ডৰ দোষীক বেলেগে বেলেগে ফাঁচি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাখিল কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল। তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দ্বাৰস্থ হৈছি উচ্চতম ন্যায়ালয়ৰ।

ইয়াৰ পূৰ্বে বুধবাৰে কেন্দ্ৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে চাৰিওজন দোষীক একেলগে ফাঁচি দিয়াৰ পোষকতা কৰিছিল। হাইক’ৰ্টে চাৰিওজন দোষীক এসপ্তাহৰ ভিতৰত নিজৰ আইনী বিকল্প ব্যৱহাৰ কৰাৰো নিৰ্দেশ দিছিল। যদিহে সাত দিনৰ ভিতৰত আইনী বিকল্প ব্যৱহাৰ নকৰে তেন্তে আইন অনুসৰি আগবাঢ়িব বাকী প্ৰক্ৰিয়া। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি