এনডিটিভিৰ খবৰ মতে, এগৰাকী ন্যায়াধীশে এই সন্দৰ্ভত জনাইছে। ন্যায়াধীশগৰাকীয়ে কয় যে মোৰ অধিকাংশ ষ্টাফ আৰু ক্লাৰ্ক কোৰোণাত আক্ৰান্ত। একাংশ ন্যায়াধীশো পূৰ্বে কোৰোণাত আক্ৰান্ত হৈছিল যদিও বৰ্তমান সুস্থ।
উল্লেখযোগ্য যে ভাৰতত বৰ্তমান কোৰোণাই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত এসপ্তাহত প্ৰায় ১০ লাখৰো অধিক লোক আক্ৰান্ত হৈছে। সোমবাৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা সংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ১,৬৮,৯১২জন লোক আক্ৰান্ত হৈছে কোৰোণাত। লগতে ৯০৪জন লোকৰ মৃত্যু হৈছে।