
লোকসকলে মৃত শিশুটিৰ আত্মা লৈ যাবলৈ হাস্পতাল চৌহদত আৰম্ভ কৰে পূজা–অৰ্চনা।
লোকসকলে মৃত শিশুটিৰ আত্মা লৈ যাবলৈ হাস্পতাল চৌহদত আৰম্ভ কৰে পূজা–অৰ্চনা।
বিজ্ঞান–প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তে আজিও একাংশ লোক পৰিচালিত হৈ আহিছে কেতবোৰ অন্ধবিশ্বাসৰ দ্বাৰা। শেহতীয়াকৈ এনে অন্ধবিশ্বাসৰ এক ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ কোটাত। দুবছৰ পূৰ্বে মৃত্যু হোৱা এটি শিশুৰ আত্মা বিচাৰি এম বি এছ হাস্পতালত উপস্থিত হ’ল পৰিয়ালৰ লগতে গাঁৱৰ একাংশ লোক। লোকসকলে মৃত শিশুটিৰ আত্মা লৈ যাবলৈ হাস্পতাল চৌহদত আৰম্ভ কৰে পূজা–অৰ্চনা। প্ৰায় আধাঘণ্টা সময় হাস্পতাল চৌহদত চলিল এই অন্ধবিশ্বাসৰ নাটক।
আচলতে বুন্দীৰ চেতা গাঁৱৰ এটি শিশু দুবছৰ পূৰ্বে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল হাস্পতালত। একাংশৰ মতে, শিশুটিৰ মৃত্যুৰ পিছত পৰিয়ালৰ আন সদস্যসকলৰ অৱস্থা বেয়া হ’বলৈ ধৰে। ঘৰত অশান্তিৰ সৃষ্টি হোৱাত কোনোবাই হাস্পতালৰ পৰা শিশুটিৰ আত্মা ঘূৰাই অনাৰ পৰামৰ্শ দিয়ে। আৰু তাৰ পিছতে পৰিয়ালৰ লগতে গাঁৱৰ একাংশ লোক উপস্থিত হয় হাস্পতাল চৌহদত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|