ঘণ্টাত ১৮০ কিলোমিটাৰ গতিত আহি আছে ছুপাৰ ছাইক্ল’ন আমফান, দুপৰীয়া পাবহি পশ্চিম বংগ!

News18 Assam | News18-Assam
Updated:May 20, 2020, 9:17 AM IST
ঘণ্টাত ১৮০ কিলোমিটাৰ গতিত আহি আছে ছুপাৰ ছাইক্ল’ন আমফান, দুপৰীয়া পাবহি পশ্চিম বংগ!
আজি দুপৰীয়া বা সন্ধিয়ালৈ ছুপাৰ ছাইক্ল’ন আমফান পশ্চিম বংগ আৰু ওড়িশা পাবহি।

আজি দুপৰীয়া বা সন্ধিয়ালৈ ছুপাৰ ছাইক্ল’ন আমফান পশ্চিম বংগ আৰু ওড়িশা পাবহি।

  • Share this:
ছুপাৰ ছাইক্ল’ন আনফান আজি দুপৰীয়া পশ্চিম বংগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ভাল কথাটো হৈছে ওড়িশাত প্ৰচূৰ বৰষুণ আৰু বতাহৰ বাবে ঘূৰ্ণী বতাহৰ শক্তি পূৰ্বতকৈ কম হোৱা দেখা গৈছে। ওড়িশাৰ পাৰাদীপত পুৱাৰে পৰা বতাহ বলি আছে। প্ৰতি ঘণ্টাত ৮২ কিলোমিটাৰ গতিত বতাহ চলি আছে বুলি কোৱা হৈছে।

প্ৰতিঘণ্টাত ১৮০ কিলোমিটাৰ বেগত আগবঢ়া ছুপাৰ ছাইক্ল’ন আনফানৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশাৰ কিছু এলেকা খালী কৰোৱা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে, আজি দুপৰীয়া বা সন্ধিয়ালৈ ছুপাৰ ছাইক্ল’ন আমফান পশ্চিম বংগ আৰু ওড়িশা পাবহি। এতিয়া ছুপাৰ ছাইক্ল’ন আমফান ১৮০ কিলোমিটাৰ প্ৰতিঘণ্টাৰ বেগত পশ্চিম বংগৰ দিশে আগবাঢ়িছে।

আমফানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে ওড়িশা আৰু পশ্চিম বংগত এনডিআৰএফৰ ৪০টা দল নিয়োগ কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে পশ্চিম বংগৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু কলকাতা, হুগলী, হাওৰা, দক্ষিণ আৰু উত্তৰ ২৪ পৰগনা আৰু পূব মেদিনীপুৰ জিলাত বৃহৎ ক্ষতিৰ আশংকা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading