কৰ্কট ৰোগীক সহায়ৰ বাবে ছানী লিয়নীৰ নতুন প্ৰচেষ্টা

ছানীয়ে নিজৰ পিতৃৰ সোঁৱৰণত হাতত লৈছে এই পদক্ষেপ

News18-Assam
Updated:October 6, 2019, 4:20 PM IST
কৰ্কট ৰোগীক সহায়ৰ বাবে ছানী লিয়নীৰ নতুন প্ৰচেষ্টা
Source-google
News18-Assam
Updated: October 6, 2019, 4:20 PM IST
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে দেশৰ কৰ্কট ৰোগীক সহায়ৰ বাবে হাতত লৈছে এক নতুন প্ৰচেষ্টা। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে সমাজৰ বিভিন্ন সমস্যা সমাধানৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে ইয়াৰ পূৰ্বেও লৈছিল বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ।



কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীয়ে নিজৰ  Instagram পেজত উল্লেখ কৰিছে যে,  ছানীয়ে অংকন কৰা পেইণ্টিং নিলামৰ বাবে আগবঢ়াব, আৰু তাৰ পৰা যিখিনি উপাৰ্জন হয় ,সেয়া আগবঢ়াব কৰ্কট ৰেগীৰ চিকিৎসাৰ বাবে। ছানীয়ে অংকন কৰা ফটো আপলোডো কৰিছে ছচিয়েল মিডিয়াত।



ছানীয়ে নিজৰ পিতৃৰ সোঁৱৰণত হাতত লৈছে এই পদক্ষেপ। ছানীয়ে উল্লেখ কৰে যে, ‘ মোৰ দেউতা কৰ্কট ৰোগী আছিল, মই দেখি আহিছো, সেই কষ্ট কিমান কষ্টকৰ।’ এতিয়া মোৰ এই সৰু প্ৰচেষ্টাৰে যদি এগৰাকী ব্যক্তিকো কিছু সহায় কৰিব পাৰো, সেয়াই মোৰ কাৰণে ডাঙৰ কথা।’

 
আৰু চাওক পৰৱৰ্তী বাতৰি