মহাবিদ্যালয়ৰ নামভৰ্তিৰ ‘মেৰিট লিষ্ট’ত ছানী লিয়নীৰ নাম, আৰক্ষীৰ কাষ চাপিল মহাবিদ্যালয় কৰ্তৃপক্ষ

News18 Assam | News18-Assam
Updated:August 28, 2020, 11:58 PM IST
মহাবিদ্যালয়ৰ নামভৰ্তিৰ ‘মেৰিট লিষ্ট’ত ছানী লিয়নীৰ নাম, আৰক্ষীৰ কাষ চাপিল মহাবিদ্যালয় কৰ্তৃপক্ষ
Source-Google

আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া

  • Share this:
মহাবিদ্যালয়ৰ নামভৰ্তিৰ তালিকাত অভিনেত্ৰী ছানী লিয়নীৰ নাম। ঘটনাটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত। আনকি হাঁহিৰ চলেৰে টুইট কৰিছে খোদ অভিনেত্ৰী ছানী লিয়নীয়েও। এই ঘটনাৰ পিছতে এতিয়া অত্যন্ত লজ্জা অনুভৱ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।

পশ্চিম বংগৰ বিখ্যাত আশুতোষ কলেজৰ নামভৰ্তিৰ তালিকাত দেখা গৈছে ছানী লিয়নীৰ নাম। ঘটনাৰ পিছতে এতিয়া আৰক্ষীৰ কাষ চাপিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। নামভৰ্তিৰ তালিকাত নিজৰ নাম দেখি অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত লিখে যে, ‘সকলোকে কলেজৰ পৰৱৰ্তী চেমেষ্টাৰত সকলোকে লগ পাম।’



কিন্তু কেনেদৰে সংঘটিত হ’ল এই বিসংগতি?

মহাবিদ্যালয়ৰ ফালৰ পৰা জনোৱা মতে, কোৰোণা পৰিস্থিতিৰ বাবে মহাবিদ্যালয়খনৰ স্নাতক মহলাৰ নামভৰ্তি অনলাইনৰ জৰিয়তে কৰা হৈছিল। আৰু কোনো দুষ্ট প্ৰকৃতিৰ লোকে এনেদৰে ছানী লিয়নীৰ নামত আবেদন পত্ৰ পূৰণ কৰে। যিহেতু প্ৰথম ষ্টেপত কোনো ধৰণৰ মাৰ্কশ্বিট আপলোড কৰাৰ অপচন নাই, মাত্ৰ নম্বৰ জনালেই হয়। আৰু পিছত যেতিয়া মহাবিদ্যালয় কৰ্তৃপক্ষই আবেদনৰ তালিকা লাভ কৰে, লগে লগে হতবাক হৈ পৰে। আনকি ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াটো।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 10:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি