বলীউড অভিনেতা ছানী দেউলৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান। প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ, পীয়ুষ গোৱেলসহ বহুকেইজন নেতাৰ উপস্থিতিত যোগদান। বিজেপিয়ে ছানীক গুৰদাসপুৰৰ আসনৰ বাবে টিকট দিয়াৰ সম্ভাৱনা। ছানী দেউলে বিজেপিত যোগদান কৰাৰ কথা বিগত বহু দিনৰে পৰা চলি আছিল।
১৯ এপ্ৰিলত ছানী দেউলে পুনে বিমানবন্দৰত বিজেপিৰ অধ্যক্ষ অমিত শ্বাহক সাক্ষাৎ কৰিছিল। এই সাক্ষাৎকাৰৰ পিছতে ছানী অমৃতসৰ আসনৰ বাবে নিৰ্বাচন খেলাৰ সম্ভাৱনাই দৃঢ় আছিল। যেতিয়া এই সন্দৰ্ভত ছানী দেউলৰ প্ৰৱক্তাৰ সৈতে আলোচনা কৰা হ’ল তেতিয়া তেওঁ অমিত শ্বাহ আৰু ছানীদেউলৰ সাক্ষাৎকাৰৰ কথী স্বীকাৰ কৰিলে কিন্তু ছানীয়ে কোনো এটা দলত যোগদান কৰা সন্দৰ্ভত একো উত্তৰ নিদিলে।
যেতিয়া ‘ব্লেক’ ছবিখনৰ প্ৰচাৰৰ সময়ত দিল্লী টাইমছৰ সৈতে অভিনেতা ছানীৰ সাক্ষাৎ হৈছিল তেতিয়া তেওঁ ভৱিষ্যতত যিকোনো এটা দলত যোগদান কৰাৰ সম্ভাৱনাৰ কথাত অমান্তি হোৱা নাছিল।
যেতিয়া ছানীক সোধা হৈছিল যে তেওঁৰ পিতৃ তথা বলীউড অভিনেতা ধমেন্দ্ৰই হেমা মালিনীৰ কাৰণে মথুৰাত প্ৰচাৰ অভিযান চলাইছিল, ছানীয়েও প্ৰচাৰ অভিযান চলাবনে? এই প্ৰশ্নত ছানীৰ উত্তৰ আছিল– ‘মই আগতেও নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাইছিলো, কিন্তু এই বছৰ প্ৰচাৰক লৈ মই কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। লগতে কোনটো দলক সমৰ্থন জনাম, সেইটো মোৰ নিজৰ পচন্দ হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|