সমষ্টিলৈ নাযায় ছানী দেউল! নিয়োগ কৰিলে প্ৰতিনিধি

তীব্ৰ কটাক্ষ কংগ্ৰেছৰ

news18assam
Updated:July 3, 2019, 11:09 AM IST
সমষ্টিলৈ নাযায় ছানী দেউল! নিয়োগ কৰিলে প্ৰতিনিধি
তীব্ৰ কটাক্ষ কংগ্ৰেছৰ
news18assam
Updated: July 3, 2019, 11:09 AM IST
বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পঞ্জাৱৰ গুৰদসপুৰ সমষ্টিৰ সাংসদ ছানী দেউল সমষ্টিটোৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা দিন ধৰি ব্যাপক চৰ্চাত আছে। বিজেপি দলৰ পৰা নৱ নিৰ্বাচিত সাংসদজনে এইবাৰ নিজৰ সমষ্টি চোৱা–চিতা কৰিবলৈ নিযুক্তি দিছে এগৰাকী প্ৰতিনিধি। সাংসদ ছানীৰ অনুপস্থিতিত সমষ্টিৰ সকলো বৈঠকত প্ৰতিনিধিত্ব কৰাৰ লগতে গুৰুত্বপূৰ্ণ বিষয়সমূহত দৃষ্টি ৰখাৰ উদ্দেশ্যে প্ৰতিনিধি গৰাকী নিয়োগ কৰিছে অভিনেতাৰ পৰা নেতা হৈ লোকসভালৈ নিৰ্বাচিত হোৱা ছানী দেউলে।

জনপ্ৰতিনিধি ৰূপে গুৰদ্বাসপুৰবাসীয়ে ছানীক নিৰ্বাচিত কৰিলেও নিজে পালন কৰিবলগীয়া কৰ্তব্য নিজে নকৰি অন্য এজন ব্যক্তি নিয়োগ কৰাক লৈ ছানী দেউলক তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছে। ছানীৰ এই কাৰ্যই গুৰদাসপুৰৰ ভোটাৰক বিশ্বাসঘাটকতা কৰা বুলি অভিহিত কৰিছে কংগ্ৰেছে।
আৰু চাওক পৰৱৰ্তী বাতৰি