ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ সৰ্বভাৰতীয় প্ৰচাৰ প্ৰভাৰী সুনীল আম্বেকাৰে দেওবাৰে আৰ এছ এছক পাঞ্চজন্য-ইনফোচিছ (Infosys) বিতৰ্কৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰি কয় যে ভাৰতৰ উন্নয়নত তথ্য–প্ৰযুক্তিৰ কোম্পানীটোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কোম্পানীটোৱে বিকশিত কৰা প'ৰ্টেলবোৰত সমস্যা হ'ব পাৰে বুলি স্বীকাৰ কৰি আম্বেকাৰে কয়, 'আলোচনীখন (Panchjanya) সংঘৰ চৰকাৰী মুখপত্ৰ নহয় আৰু ধাৰণাবোৰ তেওঁলোকৰ ব্যক্তিগত বুলি গণ্য কৰা উচিত।'
সুনীল আম্বেকাৰে টুইট কৰি কয়, "ভাৰতীয় কোম্পানী হিচাপে ইনফোচিছে ভাৰতৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইনফোচিছ পৰিচালিত প'ৰ্টেলৰ সৈতে কিছুমান সমস্যা থাকিব পাৰে, কিন্তু পাঞ্চজন্যত এই সন্দৰ্ভত প্ৰকাশিত প্ৰবন্ধবোৰ লেখকৰ নিজা ব্যক্তিগত দৃষ্টিভংগী, পাঞ্চজন্য সংঘৰ মুখপত্ৰ নহয়। সেয়েহে আৰ এছ এছক এই প্ৰবন্ধত প্ৰকাশ কৰা মতামতৰ সৈতে সংযুক্ত কৰা উচিত নহয়।'
As an Indian company, Infosys has made seminal contribution in progress of the country. There might be certain issues with a portal run by Infosys, but the article published by Panchjanya in this context only reflects individual opinion of the author. @editorvskbharat
— Sunil Ambekar (@SunilAmbekarM) September 5, 2021
উল্লেখ্য, আৰ এছ এছৰ সৈতে সম্পৰ্কিত আলোচনী পাঞ্চজন্যই আই টি কোম্পানী ইনফোচিছৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে ভাৰতীয় অৰ্থনীতি অস্থিৰ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আলোচনীখনে কোম্পানীটোক 'নক্সালবাদী, বাঁওপন্থী আৰু টুকৰে টুকৰে গেং'ক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
এই সাপ্তাহিক আলোচনীখনে ইয়াৰ ক'ভাৰ ষ্ট'ৰী 'সাখ আৰু আগট' (খ্যাতি আৰু লোকচান)ত অভিযোগ কৰিছিল যে ইনফোচিছে প্ৰথমবাৰৰ বাবে কোনো চৰকাৰী প্ৰকল্পত খেলিমেলি কৰা নাছিল। প্ৰবন্ধটোত কোৱা হৈছে যে চৰকাৰী সংগঠন আৰু সংস্থাবোৰে গুৰুত্বপূৰ্ণ ৱেবছাইট আৰু প'ৰ্টেলৰ বাবে ইনফোচিছক চুক্তি দিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে, কিয়নো ই ভাৰতৰ অন্যতম সন্মানীয় ছফ্টৱেৰ কোম্পানী।
অৱশ্যে, এই প্ৰবন্ধটোত উদ্বিগ্নতা প্ৰকাশ কৰি লিখা হৈছিল– 'ইনফোচিছৰ দ্বাৰা বিকশিত জিএছটি আৰু আয়কৰ ৰিটাৰ্ন প'ৰ্টেল দুয়োটাৰ অনিয়মে দেশৰ অৰ্থনীতিৰ ওপৰত কৰদাতাসকলৰ বিশ্বাসক আঘাত কৰিছে। ইনফোচিছৰ জৰিয়তে কোনো দেশবিৰোধী শক্তিয়ে ভাৰতৰ অৰ্থনৈতিক স্বাৰ্থক আঘাত কৰিবলৈ চেষ্টা কৰিছে নেকি?'
অৱশ্যে প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে আলোচনীখনৰ হাতত কোনো মজবুত প্ৰমাণ নাই, কিন্তু ইয়াত কোৱা হৈছে যে ইনফোচিছৰ বিৰুদ্ধে কেইবাবাৰো 'নক্সালবাদী, বামপন্থী আৰু টুকৰে টুকৰে গেং'ক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে ইনফোচিছে এইটোও সুধিছিল যে ইনফোচিছে 'ইয়াৰ বিদেশী গ্ৰাহকসকলক একেধৰণৰ নিম্নমানৰ সেৱা প্ৰদান কৰিব নে?'
বিষয়টো সন্দৰ্ভত পাঞ্চজন্যৰ সম্পাদক হিতেশ শংকৰে কয় যে ইনফোচিছ এটা ডাঙৰ কোম্পানী আৰু চৰকাৰে ইয়াৰ বিশ্বাসযোগ্যতাৰ আধাৰত ইয়াক অতি গুৰুত্বপূৰ্ণ কাম দিছে। তেওঁ কয়– 'এই কৰ প'ৰ্টেলবোৰত হোৱা অনিয়মবোৰ ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় আৰু দায়ীসকলক জবাবদিহি কৰা উচিত।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|