৬২ বছৰীয়া সুন্দৰৰমণ ৰামমূৰ্তিয়ে আশীষ চৌহানৰ ঠাইত বম্বে ষ্টক এক্সচেঞ্জৰ (বিএছই) নতুন পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী হিচাপে স্থলাভিষিক্ত হ'ব। বম্বে ষ্টক এক্সচেঞ্জৰ তৰফৰ পৰা জনোৱা মতে মাৰ্কেট ৰেগুলেটৰ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াই (ছেবি)এ এই নিযুক্তিৰ অনুমোদন জনাইছে, আৰু সেইটো শ্বেয়াৰহোল্ডাৰৰ অনুমোদন সাপেক্ষে হ'ব।
চৌহানে নেছনেল ষ্টক এক্সচেঞ্জত যোগদান কৰিবলৈ বম্বে ষ্টক এক্সচেঞ্জৰ শীৰ্ষ পদ ত্যাগ কৰাৰ পাঁচ মাহৰ পিছত এই অনুমোদন আহিছে। জুলাইৰ শেষৰ ফালে তেওঁক নেছনেল ষ্টক এক্সচেঞ্জৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া' হিচাপে নিযুক্ত কৰা হৈছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 29, 2022, 16:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।