দিল্লী আৰক্ষীৰ ইকনমিক অফেন্সছ উইঙ অথবা আৰ্থিক অপৰাধ শাখায়ে আজি পুনৰবাৰ জেৰা কৰিব বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক। আজি পুনৰ জেকলিনক সোধা-পোছাৰ বাবে ফোন কৰিছে EOW এ। তেওঁৰ নামত জাৰি কৰা হৈছে চমন। মহাপ্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত দিল্লী আৰক্ষীৰ আৰ্থিক অপৰাধ শাখাই জেকলিন ফাৰ্নাণ্ডেজক নিৰন্তৰ জেৰা চলাই আছে।
তথ্য অনুসৰি, সুকেশে জেকলিনক ১০ কোটিৰো অধিক মূল্যৰ মূল্যৱান উপহাৰ দিছে। সুকেশে কেৱল জেকলিনকেই নহয়, পৰিয়ালৰ লোককো দামী উপহাৰ দিছিল, য’ত আছিল এখন গাড়ী, মূল্যৱান সামগ্ৰীৰ উপৰি ১.৩২ কোটি টকা আৰু ১৫ লাখ টকা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দামী উপহাৰৰ বাহিৰেও সুকেশ আৰু তেওঁলোকৰ মাজৰ সম্পৰ্কৰ বিষয়ে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিব দিল্লী আৰক্ষীয়ে।
EOW ৰ সূত্ৰ অনুসৰি, জেকলিন আহিব বিয়লি প্ৰায় ২ বজাত সোধা-পোছাত যোগদান কৰিবলৈ। কিন্তু জেকলিনৰ ড্ৰেছ ডিজাইনাৰ লিপাক্ষীয়ে আজি EOW ৰ আগত উপস্থিত নাথাকিব। লিপাক্ষীয়ে EOWক অনুৰোধ জনাইছে যে তেওঁৰ স্বাস্থ্য বেয়া। গতিকে আজি জেৰাত উপস্থিত থাকিব নোৱাৰিব তেওঁ। আচলতে EOW দলটোৱে মুখামুখিকৈ বহি লিপাক্ষী আৰু জেকলিনক জেৰা কৰিব বিচাৰিছিল।
EOW য়ে জেকলিন ফাৰ্নাণ্ডেজৰ পৰাও বেংকৰ সবিশেষ বিৱৰণ বিচাৰিছে। ইয়াৰ সবিশেষ সম্ভৱতঃ আজি জেকলিনে অৰ্পণ কৰিব। ইয়াৰ উপৰিও সুকেশে জেকলিনৰ পিতৃ-মাতৃক দিয়া উপহাৰৰ সবিশেষো বিচৰা হৈছে। সুকেশৰ পৰা লাভ কৰা সকলো উপহাৰৰ তালিকাও দাখিল কৰিব জেকলিনে। আৰ্থিক অপৰাধ শাখাই এই সন্দৰ্ভত জেকলিনৰ পৰা এখন তালিকা বিচাৰিছিল।
ইয়াৰ উপৰিও EOW য়ে জেকলিনে ব্যক্তিগত জেটত যাত্ৰা কৰা সময়ৰ সবিশেষ আৰু তাৰিখ বিচাৰিছে, যিটো আজি দাখিল কৰা হ’ব। সূত্ৰ অনুসৰি, ব্যক্তিগত জেটখনৰ বাবে সুকেশে জেকলিনক ধন দিছিল। সুকেশে জেকলিনক কৈছিল যে যদি তেওঁৰ আত্মীয়ৰ মৃত্যু হৈছে তেন্তে আপুনি চেন্নাইলৈ আহক। ইয়াৰ পিছতে সুকেশে প্ৰাইভেট জেট বিমানখনৰ ব্যৱস্থা কৰিছিল, য’ৰ পৰা জেকলিন চেন্নাইলৈ গৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|