মুখ্যপৃষ্ঠা »খবৰ »দেশ »৩১ জুলাইৰ ভিতৰত কন্যাৰ নামত খোলক এই একাউণ্ট, ২১ বছৰত একাউণ্টত জমা হ’ব ৬৪ লাখ টকা

৩১ জুলাইৰ ভিতৰত কন্যাৰ নামত খোলক এই একাউণ্ট, ২১ বছৰত একাউণ্টত জমা হ’ব ৬৪ লাখ টকা

সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰি আপুনি কন্যাৰ উচ্চ শিক্ষা আৰু বিবাহৰ খৰচ সহজে পূৰণ কৰিব পাৰিব।

সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰি আপুনি কন্যাৰ উচ্চ শিক্ষা আৰু বিবাহৰ খৰচ সহজে পূৰণ কৰিব পাৰিব।

  • Share this:
কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক ভাল সুযোগ। কন্যাৰ জীৱন সুৰক্ষিত কৰাকলৈ বহু পিতৃ-মাতৃ সমস্যাত পৰা দেখা যায়। নিজৰ জীয়ৰীক ভৱিষ্যতে আৰ্থিক ভাবে স্ব-নিৰ্ভৰশীল কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে সুকন্যা সমৃদ্ধি যোজনা। সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত ধন বিনিয়োগ কৰি কন্যাৰ উচ্চ শিক্ষা আৰু বিবাহৰ খৰচ সহজে পূৰণ কৰিব পাৰিব। আঁচনিৰ অধীনত কন্যাগৰাকীয়ে ২১ বছৰ বসয়ত বিনিয়োগ কৰা ধনৰ ৰিটাৰ্ণ লাভ কৰিব। যদি কন্যাৰ কম বয়সতে এই আঁচনিৰ অধীনত ধন বিনিয়োগ কৰে, তেন্তে ১৫ বছৰ ধৰি আঁচনিখনত ধন বিনিয়োগ কৰিব পাৰিব।

কিদৰে কন্যাৰ একাউণ্টত জমা কৰিব পাৰিব ৬৪ লাখ টকাঃ

চৰকাৰে সুকন্যা সমৃদ্ধি একাউণ্ট খুলিবলৈ বহু কেইটা নতুন ঘোষণা কৰিছে। ডাকঘৰৰ নতুন নিৰ্দেশনা অনুসৰি, সুকন্যা সমৃদ্ধি একাউণ্ট ৩১ জুলাই, ২০২০ৰ আগত কন্যাৰ নামত খুলিব পাৰিব। আনকি ২০২০ৰ ২৫ মাৰ্চৰ পৰা ৩০ জুন ২০২০ৰ ভিতৰত দহ বছৰ সম্পূৰ্ণ কৰা কন্যাইয়ো খুলিব সুকন্যা সমৃদ্ধিৰ একাউণ্ট। ল’ক ডাউনৰ বাবে এই দিয়া হৈছে এই সকাহ।

Sukanya Smriddhi Account Scheme 2020- এটা বিত্তীয় বৰ্ষত সৰ্বোচ্চ ১.৫ লাখ টকা সুকন্যা সমৃদ্ধিৰ একাউণ্টত জমা কৰিব পাৰে। সেইদৰে এবছৰত সৰ্বনিম্ন জমা ৰাশি ২৫০ টকা। ১৫ বছৰ পৰ্যন্ত এই একাউণ্টত ধন জমা থব পাৰি।

সুতৰ হাৰ কিমান?

সুকন্যা সমৃদ্ধি যোজনাত বৰ্তমান সময়ত ৭.৬ শতাংশ সুতৰ হাৰ লাভ কৰিছে।

মিচিউৰিটীৰ সময়ত ৬৪ লাখ টকা লাভ কৰিব পাৰিবঃ

সুতৰ হাৰৰ হিচাপত যদি প্ৰতিটো বিত্তীয় বৰ্ষত ১.৫ লাখ টকাকৈ ১৫ বছৰ পৰ্যন্ত জমা কৰে, তেন্তে জমা থোৱা ধনৰ পৰিমাণ হ’বগৈ ২২,৫০,০০০ হাজাৰ টকা। আৰু সুত সহ হ’বগৈ ৪১,৪৬,৫৪৩ টকা। এই একাউণ্ট ২১ বছৰ শেষ হোৱাৰ পিছত মেচিয়োৰ হয়। মেচিউৰিটী পৰ্যন্ত ২১ বছৰ ধৰি লাভ কৰি থাকিব সুতৰ হাৰ। ফলত মিচিউৰিটীৰ সময়ত সৰ্বমুঠ লাভ কৰিব ৬৪ লাখ টকা।

শেহতীয়া বাতৰি