মুখ্যপৃষ্ঠা »খবৰ »দেশ »আৰিয়ান খানৰ গ্ৰেপ্তাৰত চিন্তিত সুহানা খান, শাৰীৰিক ভাবেও অসুস্থ হৈ পৰিছে শ্বাহৰুখ খানৰ কন্যা!

আৰিয়ান খানৰ গ্ৰেপ্তাৰত চিন্তিত সুহানা খান, শাৰীৰিক ভাবেও অসুস্থ হৈ পৰিছে শ্বাহৰুখ খানৰ কন্যা!

শ্বাহৰুখ খানৰ পৰিয়াল শেহতীয়াকৈ বহু জটিল পৰিস্থিতিৰ মুখামুখি হৈছে।

শ্বাহৰুখ খানৰ পৰিয়াল শেহতীয়াকৈ বহু জটিল পৰিস্থিতিৰ মুখামুখি হৈছে।

শ্বাহৰুখ খানৰ পৰিয়াল শেহতীয়াকৈ বহু জটিল পৰিস্থিতিৰ মুখামুখি হৈছে।

  • Share this:
শ্বাহৰুখ খানৰ পৰিয়াল শেহতীয়াকৈ বহু জটিল পৰিস্থিতিৰ মুখামুখি হৈছে। NCBয়ে পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা উজাগৰি নিশা কটাবলগীয়া হৈছে শ্বাহৰুখ খান আৰু গৌৰী খানে। শেহতীয়াকৈ শ্বাহৰুখ খানৰ কন্যা সুহানাইয়ো মানি লব পৰা নাই ককায়েক আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ কথা।

চিন্তা বাঢ়িছে সুহানাৰ। আনকি ভাতৃৰ চিন্তাত শাৰীৰিক ভাবেও অসুস্থ হৈ পৰিছে সুহানা। আৰিয়ানৰ সন্দৰ্ভত এতিয়া মাতৃ গৌৰীৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পাতিছে সুহানা খানে।

উল্লেখ্য যে, শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ জামিন পুনৰ নাকচ কৰিছে আদালতে। তেওঁক কিলা ক'ৰ্টে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰিয়ান খানৰ জামিনৰ শুনানি এতিয়ালৈকে প্ৰায় ৬ বাৰ হৈছে, কিন্তু মুক্তি এতিয়াও হোৱা নাই।

কিন্তু বিলাসবহুল জীৱনযাত্ৰাত অভ্যস্ত এগৰাকী যুৱকৰ কাৰাগাৰৰ ভিতৰত কেনে অৱস্থা হৈছে। খবৰ পোৱা গৈছে যে, আৰিয়ানে কাৰাগাৰলৈ অহাৰ দিনৰ পৰা জে'লৰ ভাত খোৱা নাই। জে'লৰ খাদ্য পছন্দ নোহোৱাত তেওঁ খাবলৈ লৈছে বিস্কুট। সূত্ৰ অনুসৰি আৰিয়ানে কেৱল বিস্কুট খাইছে আৰু তেওঁ লগত অনা পানী পিছে।

তেওঁ ১২ বটল পানী কিনিছিল, যাৰ ভিতৰত এতিয়া তেওঁৰ ওচৰত মাত্ৰ কেইটামান বটল বাকী আছে। খবৰ অনুসৰি কাৰাগাৰত থকা আৰিয়ানৰ সহযোগীসকলেও জে'লৰ খাদ্য খোৱা নাই। আৰ্থাৰ ৰোড কাৰাগাৰত ৰাতিপুৱাৰ আহাৰৰ লগতে দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰৰ ব্যৱস্থা আছে। ইয়াত মাহজাতীয় শস্য, চাউল, ৰুটী আৰু পাচলি পৰিৱেশন কৰা হয়।

শেহতীয়া বাতৰি