• Home
  • »
  • News
  • »
  • nation
  • »
  • Success Story: পেলনীয়া সামগ্ৰী বিক্ৰী কৰা লোকৰ সৈতে কাম কৰি প্ৰস্তুত কৰিলে হেণ্ডবেগ, আজি ১০০ কোটি টকাৰ টাৰ্ণঅ'ভাৰ

Success Story: পেলনীয়া সামগ্ৰী বিক্ৰী কৰা লোকৰ সৈতে কাম কৰি প্ৰস্তুত কৰিলে হেণ্ডবেগ, আজি ১০০ কোটি টকাৰ টাৰ্ণঅ'ভাৰ

অনীতা আহুজাই প্লাষ্টিক পেলনীয়া সামগ্ৰী একত্ৰিত কৰি প্ৰস্তুত কৰে বিশ্বমানৰ হেণ্ডবেগ।

অনীতা আহুজাই প্লাষ্টিক পেলনীয়া সামগ্ৰী একত্ৰিত কৰি প্ৰস্তুত কৰে বিশ্বমানৰ হেণ্ডবেগ।

অনীতা আহুজাই প্লাষ্টিক পেলনীয়া সামগ্ৰী একত্ৰিত কৰি প্ৰস্তুত কৰে বিশ্বমানৰ হেণ্ডবেগ।

  • Share this:
ব্যৱসায় কৰিবলৈ কেৱল পুঁজিৰে আৱশ্যক নহয়। এটা পৰিকল্পনা বা আইডিয়াৰো প্ৰয়োজন। এনে এক ব্যতিক্ৰমী আইডিয়াৰ জৰিয়তে এগৰাকী মহিলাই কৰিছে ১০০ কোটি টকাৰ টাৰ্ণ অ'ভাৰ। আশ্বৰ্যকৰ কথা এইটোৱেই যে, ইয়াৰ জৰিয়তে পেলনীয়া সামগ্ৰী বিক্ৰী কৰা সকলে এক সংস্থাপনৰ সুবিধা পালে লগতে কেন্দ্ৰীয় চৰকাৰৰ যোজনা স্বচ্ছ ভাৰত মিছন আৰু মেক ইন ইণ্ডিয়াৰ সুনাম আহিল।

দিল্লীৰ অনীতা আজুহা আৰু তেওঁৰ স্বামী শলভে এই কামটো আৰম্ভ কৰিছিল। খবৰ অনুসৰি, প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী পুনৰ উপযোগী কৰি এক্সপোৰ্ট কোৱালিটীৰ আকৰ্ষণীয় হেণ্ড বেগ প্ৰস্তুত কৰে তেওঁলোকে। ভূপালত জন্ম হোৱা আৰু দিল্লীত ডাঙৰ দীঘল হোৱা অনীতা আহুজাই নিজৰ সমস্ত জীৱন সমাজ সেৱাৰ নামতে পাৰ কৰিলে।

পেলনীয়া সামগ্ৰী বিক্ৰী কৰাসকলৰ জীৱনলৈ কিছু পৰিৱৰ্তন আনিবলৈ কামৰ সন্ধান কৰে অনীতাই। আৰু পৰিকল্পনা মতে, প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী একত্ৰিত কৰি হেণ্ডবেগ প্ৰস্তুত কৰা আৰম্ভ কৰে। কিন্তু ব্যৱসায়ৰ জগতত খোজ দিয়াৰ তেওঁৰ কোনো পৰিকল্পনা নাছিল। কিন্তু সময়ৰ গতিত তেওঁৰ এই হেণ্ডবেগে জনপ্ৰিয়তা লাভ কৰিবলৈ লয়।

এদিন অনীতাই কেইগৰাকী মান বন্ধু আৰু পৰিয়ালৰ সৈতে মিলি নিজৰ অঞ্চলটোতে সৰু সৰু প্ৰজেক্ট ল'বলৈ সিদ্ধান্ত লয়। তেওঁ Conserve India নামৰ এটা NGO আৰম্ভ কৰে আৰু সেই প্ৰজেক্টৰ অধীনত পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী গোটোৱা আৰম্ভ কৰে। আৰু হেণ্ডবেগ প্ৰস্তুত কৰা আৰম্ভ কৰে। কিন্তু এয়া প্ৰথম অৱস্থাত টকা উপাৰ্জনৰ বাবে কৰা নাছিল।

৩০০০ লোকক লগত লৈ ৰেচিডেণ্ট ৱেলফেয়াৰ এছচিয়েশ্যনৰ সৈতে আৰম্ভ কৰে কাম। এই এছচিয়েশ্যনে ২০০২ চনত স্থায়িত্ব লাভ কৰে। প্ৰথম চাৰি বছৰ তেওঁৰ সৈতে কাম কৰা সকলৰ জীৱনৰ মানদণ্ড কিছু উন্নত কৰিবলৈ চেষ্টা কৰে অনীতাই। তেওঁ ইণ্টাৰনেটৰ জৰিয়তে ৰিচাইক্লিঙ টেকনলজীৰ বিষয়ে কিছু জ্ঞান আয়ত্ব কৰে আৰু বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা আৰম্ভ কৰে।

২০০৩ চনত কঞ্জৰ্ব ইণ্ডিয়াই প্ৰগতি ময়ডানৰ ট্ৰেড ফেয়াৰত অংশ লয়। টেক্সটাইল মন্ত্ৰণালয়ে তেওঁলোক সৰুকৈ এটা বুথ দিয়ে আৰু ৩০ লাখ টকাৰ অৰ্ডাৰ লাভ কৰে। কিন্তু প্ৰথম অৱস্থাত অনীতা আৰু তেওঁৰ স্বামীয়ে এই অৰ্ডাৰ লবলৈ ইচ্ছুক নাছিল। কাৰণ প্লাষ্টিক ৱেষ্টৰ বাবে ঘৰে ঘৰে গৈ সামগ্ৰী লবলগীয়া হৈছিল। ইয়াৰ বাবে প্ৰয়োজন হৈছিল বিশেষ বিশেষ ৰঙৰ প্লাষ্টিকৰ বেগ। ইয়াৰ বাবে পিছত ইণ্ডাষ্ট্ৰীৰ সৈতে যোগাযোগ কৰে। লাহে লাহে Conserve India এক নম্বৰ ব্ৰেণ্ড হৈ পৰিল আৰু ২০২০ চন পৰ্যন্ত টাৰ্ণ অভাৰ ১০০ কোটি পৰ্যন্ত বাঢ়ি গ'ল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি