মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে, প্ৰথমবাৰলৈ শ্বেয়াৰ কৰিলে সন্তানৰ ফটো

News18 Assam | News18-Assam
Updated:September 13, 2020, 11:22 AM IST
মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে, প্ৰথমবাৰলৈ শ্বেয়াৰ কৰিলে সন্তানৰ ফটো
সন্তানৰ নাম ৰাখিছে যুৱান।

সন্তানৰ নাম ৰাখিছে যুৱান।

  • News18 Assam
  • Last Updated: September 13, 2020, 11:22 AM IST
  • Share this:
মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে বেংগলী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী শুভাশ্ৰী গাংগুলীয়ে। শনিবাৰে শুভাশ্ৰীয়ে জন্ম দিয়ে এটি মৰমলগা পুত্ৰ সন্তান। আনকি ছচিয়েল মিডিয়াত শ্বেয়াৰো কৰিলে সন্তানৰ ফটো।



কলিকতাৰ এখন ব্যক্তিগত হাস্পতলাত সন্তান জন্ম দিয়ে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বৰ্তমান মাক আৰু সন্তান দুয়ো সুস্থ বুলি জনাইছে পৰিয়াল তথা হাস্পতাল কৰ্তৃপক্ষই।



অভিনেত্ৰী শুভাশ্ৰী হ’ল বেংগলী ছবিৰ জনপ্ৰিয় পৰিচালক ৰাজ চক্ৰবৰ্তীৰ পত্নী। গৰ্ভৱতী অৱস্থাৰ পৰাই শুভাশ্ৰীয়ে শ্বেয়াৰ কৰি থাকে বিভিন্ন ফটো। সন্তান জন্ম হোৱাৰ কেইঘণ্টা মানৰ পিছতে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰো কৰিলে নৱজাতকৰ ফটো। সন্তানৰ নাম ৰাখিছে যুৱান।
Published by: Himangshu Bhuyan
First published: September 13, 2020, 11:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading