অৱশ্যে প্ৰতিমূৰ্তি নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে সেই স্থানত এক হ’ল’গ্ৰাম মূৰ্তি স্থাপন কৰা হ’ব আৰু ইয়াক অহা ২৩ জানুৱাৰী তাৰিখে মুকলি কৰিব স্বয়ং প্ৰধানমন্ত্ৰীয়ে। উল্লেখযোগ্য যে যোৱা ৫০ বছৰে ইণ্ডিয়া গেট শুৱনি কৰি ৰখা অমৰ জোৱান জ্যোতিৰ চিৰস্থায়ী বন্তি স্থানান্তৰ কৰি সমীপৰ War Memorialত স্থাপন কৰা হ’ব। ১৯৭১ চনৰ ভাৰত–পাকিস্তানৰ যুদ্ধত মৃত্যু হোৱা ভাৰতীয় সৈন্যৰ স্মৃতিত ১৯৭২ চনৰ গণৰাজ্য দিৱসৰ দিনা এই বন্তি প্ৰজলন কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে। তেতিয়াৰ পৰাই অবিৰত গতিত জ্বলি থকা এই শিখাৰ স্থানান্তৰৰ সিদ্ধান্তক সমালোচনা কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে।
Till the grand statue of Netaji Bose is completed, a hologram statue of his would be present at the same place. I will unveil the hologram statue on 23rd January, Netaji’s birth anniversary. pic.twitter.com/jsxFJwEkSJ
অৱশ্যে চৰকাৰী পক্ষই ইয়াৰ প্ৰত্যুত্তৰ দি কৈছে – ইণ্ডিয়া গেটত প্ৰথম বিশ্ব যুদ্ধত নিহত হোৱা ভাৰতীয় ব্ৰিটিছ সেনাৰ সৈনিকৰ নাম খোদিত হৈ আছে। আৰু War Memorialত ১৯৭১ৰ ছহীদৰ নাম খোদিত হৈছে। গতিকে এই বন্তিৰ প্ৰকৃত স্থান War Memorialহে।