আপুনি চশমা পিন্ধে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ!

এই অধ্যয়নৰ অন্তত তেওঁলোকে লাভ কৰিছিল যে এই কোৰোণা আক্ৰান্ত সকলৰ ভিতৰত মাত্ৰ ১৯ শতাংশই বেছিভাগ সময়তে চশমা পৰিধান কৰিছিল।
এই অধ্যয়নৰ অন্তত তেওঁলোকে লাভ কৰিছিল যে এই কোৰোণা আক্ৰান্ত সকলৰ ভিতৰত মাত্ৰ ১৯ শতাংশই বেছিভাগ সময়তে চশমা পৰিধান কৰিছিল।
- News18 Assam
- Last Updated: February 23, 2021, 7:06 PM IST
মেডআৰচিভ ৱেবছাইটত ভাৰতীয় গৱেষকসকলে এক সমীক্ষা প্ৰকাশ কৰিছে। য'ত তেওঁলোকে বিগত গ্ৰীষ্মকালৰ দুসপ্তাহ ধৰি উত্তৰ ভাৰতৰ এখন চিকিৎসালয়ত কোৰোণাত আক্ৰান্ত ১০ৰ পৰা ৮০বছৰ বয়সৰ সৰ্বমুঠ ৩০৪ গৰাকী লোক অৰ্থাৎ ২২৩জন পুৰুষ আৰু ৮১ গৰাকী মহিলাৰ লক্ষণৰ ওপৰত অধ্যয়ন কৰিছিল।
এই অধ্যয়নৰ অন্তত তেওঁলোকে লাভ কৰিছিল যে এই কোৰোণা আক্ৰান্ত সকলৰ ভিতৰত মাত্ৰ ১৯ শতাংশই বেছিভাগ সময়তে চশমা পৰিধান কৰিছিল। লগতে গৱেষকসকলে অধ্যয়নৰ সময়ত দেখিছিল যে এই লোকসকলৰ অধিকাংশই ১ ঘণ্টাত ২৩ বাৰ নিজৰ মুখ আৰু প্ৰতি ঘণ্টাত তিনিবাৰকৈ চকু স্পৰ্শ কৰিছিল। তাৰ পিছতেই এয়া অনুভৱ কৰা হৈছিল যে, চশমা পৰিধান নকৰা লোকসকলতকৈ পৰিধান কৰা লোকসকলৰ মাজত কোভিডৰ সংক্ৰমণৰ ঘটনা ২ৰ পৰা ৩ গুণ কম আছিল।
গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে চশমা পিন্ধা লোকসকল কোভিড ১৯ৰ প্ৰতি কম সংবেদনশীল। অধ্যয়নত কোৱা হৈছে যে মানৱ শৰীৰত SARS-CoV-2 ভাইৰাছ প্ৰৱেশৰ এক গুৰুত্বপূৰ্ণ চেনেলেই হৈছে আমাৰ চকুযুৰি আৰু চশমাই চকুৰ এক সুৰক্ষামূলক গিয়াৰ হিচাপে কাম কৰে। যিয়ে চকুলৈ ভাইৰাছ স্থানান্তৰ হোৱাৰ আশংকা হ্ৰাস কৰে।