কৰ্ণাটকত অসমৰ ছাত্ৰৰ দলক চূড়ান্ত অপমান, প্ৰৱেশ কৰিব নিদিলে লটাছ টেম্পলত

শিক্ষাৰ্থীৰ দলটোৱে অসমৰ পৰা যোৱা বুলি কোৱাত অসম ক’ত বুলিও প্ৰশ্ন কৰে নিৰাপত্তাৰক্ষীয়ে।

News18-Assam
Updated:August 13, 2019, 1:07 PM IST
কৰ্ণাটকত অসমৰ ছাত্ৰৰ দলক চূড়ান্ত অপমান, প্ৰৱেশ কৰিব নিদিলে লটাছ টেম্পলত
শিক্ষাৰ্থীৰ দলটোৱে অসমৰ পৰা যোৱা বুলি কোৱাত অসম ক’ত বুলিও প্ৰশ্ন কৰে নিৰাপত্তাৰক্ষীয়ে।
News18-Assam
Updated: August 13, 2019, 1:07 PM IST
নিজ দেশতে বৰ্ণ বৈষম্যৰ বলি হ’ল অসমৰ ছাত্ৰৰ এটা দল। কৰ্ণাটকত চূড়ান্ত অপমানৰ বলি অসমৰ এদল শিক্ষাৰ্থী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যোৱা ছাত্ৰৰ এটা দলক প্ৰৱেশ কৰিব নিদিলে কৰ্ণাটকৰ লটাছ টেম্পল চৌহদত। নিৰাপত্তাৰক্ষীয়ে ওভতাই পঠিয়ালে অসমৰ শিক্ষাৰ্থীৰ দলটোক। নাগৰিকত্বৰ ওপৰত সন্দেহ কৰি মন্দিৰ চৌহদত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে। শিক্ষাৰ্থীৰ দলটোৱে জনোৱা অনুসৰি, মন্দিৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক কৈছিল যে তেওঁলোকৰ মুখাৱয়ব ভাৰতীয় যেন নালাগে, সেয়েহে আধাৰ কাৰ্ড দেখুৱাব লাগিব। শিক্ষাৰ্থীৰ দলটোৱে অসমৰ পৰা যোৱা বুলি কোৱাত অসম ক’ত বুলিও প্ৰশ্ন কৰে নিৰাপত্তাৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি