হায়দৰাবাদত এগৰাকী চিকিৎসকক বলাৎকাৰ কৰি জ্বলাই হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। বিভিন্ন স্থানত দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে। ইয়াৰ মাজতে দেওবাৰে তেলেংগানাৰ খম্মমত এজন ছাত্ৰ এটা বিল্ডিঙত উঠি চিকিৎসকগৰাকীৰ ন্যায় বিচৰা কাৰ্যই সকলোকে আচৰিত কৰি তোলে। বিল্ডিঙৰ ছাঁদত উঠি দোষীক শাস্তি নিদিলে জঁপিয়াই দিয়াৰ হুংকাৰ দিয়ে ছাত্ৰজনে।
স্নাতক মহলাৰ এই ছাত্ৰজনৰ দাবী হায়দৰাবাদৰ ঘটনাৰ সকলো দোষীৰ ফাঁচি হ’ব লাগে। যদি নহয়, তেন্তে ছাত্ৰজনে চাঁদৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ হুংকাৰ দিয়ে। বহু সময় ধৰি চলা নাটকখন চাবলৈ বিল্ডিঙৰ তলত গোট খালে বহু লোক। খবৰ দিয়া হ’ল আৰক্ষীক। আৰক্ষীয়ে বুজাই–বঢ়াই ছাত্ৰজনক বিল্ডিঙৰ তললৈ নমাই আনিবলৈ সক্ষম হয়। তাৰ পিছত আৰক্ষীয়ে অভিভাৱকক গতাই দিয়ে ছাত্ৰজনক।
উল্লেখযোগ্য যে এই ঘটনাৰ পিছত ভুক্তভোগী পৰিয়ালৰ কলনীত ধাৰাবাহিকভাৱে প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। দেওবাৰে কেইবাজনো নেতাই পৰিয়ালটোক সাক্ষাৎ কৰিব বিচাৰে যদিও কলনীৰ লোকে গে’ট বন্ধ কৰি দিয়ে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|