প্ৰধানমন্ত্ৰীৰ ‘কা’ৰ ভাষণক কিয় সমৰ্থন নকৰিলে ৰামকৃষ্ণ মিছনে? উত্তৰ চাবলগীয়া

News18 Assam | News18-Assam
Updated:January 14, 2020, 1:22 PM IST
প্ৰধানমন্ত্ৰীৰ ‘কা’ৰ ভাষণক কিয় সমৰ্থন নকৰিলে ৰামকৃষ্ণ মিছনে? উত্তৰ চাবলগীয়া
দেওবাৰে হাওৰাৰ বেলুৰ মঠত সন্তসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ৰামকৃষ্ণ মিছনৰ সাধাৰণ সম্পাদক স্বামী সুবিৰানন্দই কৈছে যে, তেওঁলোকে ক্ষণস্থায়ী আৱেগৰ প্ৰতি সঁহাৰি আগনবঢ়ায়। আমি এক সৰ্বজনগ্ৰাহ্য সংস্থা আৰু ইয়াত বিভিন্ন ধৰ্মৰ সন্তসকল আছে। আমি ভাতৃৰ দৰে থাকো। তেওঁ কয়। 

  • Share this:
‘সৰ্বজনগ্ৰাহ্য’ৰ ধাৰণাত বিশ্বাসী ৰামকৃষ্ণ মিছনে  প্ৰধানমন্ত্ৰীৰ নাগৰিকত্ব সংশোধনী আইনৰ পৰা নিজকে আঁতৰাই ৰাখিছে। দেওবাৰে প্ৰধানমন্ত্ৰীয়ে হাওৰাৰ বেলুৰ মঠত সন্তসকলক সাক্ষাৎ কৰাৰ সময়ত মোদীৰ ‘কা’ৰ স্থিতিক নস্যাৎ কৰে। সম্পূৰ্ণৰূপে এক অৰাজনৈতিক সংস্থা বুলি দাবী কৰি মিছনে কয়, তেওঁলোকে ক্ষণস্থায়ী আৱেগক প্ৰশ্ৰয় নিদিয়ে।

বেলুৰ মঠত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিচিল যে নতুন আইনে কাৰো পৰা নাগৰিকত্ব কাঢ়ি নিনিয়ে। মোদীয়ে লগতে কৈছিল যে নাগৰিকত্ব সংশোধনী আইনক লৈ যুৱ সমাজক বিভ্ৰান্ত কৰা হৈছে।

ইয়াৰ পিছতে এখন সংবাদমেলত ৰামকৃষ্ণ মিছনৰ সাধাৰণ সম্পাদক স্বামী সুবিৰানন্দই সংস্থাৰ স্থিতি স্পষ্ট কৰে। আমাৰ সংস্থাই প্ৰধানমন্ত্ৰীৰ ‘কা’ৰ ভাষণক লৈ কোনো মন্তব্য নকৰে। আমি সম্পূৰ্ণৰূপে এক অৰাজনৈতিক গোট। পৰমাত্মাৰ আহ্বানত আমি নিজৰ নিজৰ ঘৰ এৰি আহিছো, আমি ক্ষণস্থায়ী আৱেগিক আহ্বানলৈ সঁহাৰি নজনাও।

তেওঁ লগতে কয় যে মিছনে সৰ্বজনগ্ৰাহ্যতাৰ নীতিত বিশ্বাস কৰে। আমি সকলোকে সামৰি লোৱা এক সংস্থা। আমাৰ ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান প্ৰত্যেক ধৰ্মৰ সন্ত আছে। একেজন অভিভাৱকৰ সন্তানৰ দৰে আমি ইয়াত বাস কৰো। তেওঁ কয়, আমাৰ কাৰণে নৰেন্দ্ৰ মোদী দেশৰ নেতা আৰু মমতা বেনাৰ্জী পশ্চিম বংগৰ নেতা।

(পিটিআইৰ ইনপুটৰ সৈতে)
আৰু চাওক
পৰৱৰ্তী বাতৰি