কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ইউনাইটেড ফ্ৰণ্টে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে আজি আৰু কাইলৈ দেশজুৰি বন্ধৰ আহ্বান জনাইছে। বন্ধৰ বাবে, বেংকসমূহৰ কাম-কাজ দুদিনৰ বাবে স্থগিত থাকিব পাৰে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ইউনাইটেড ফ্ৰণ্টে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে আজি আৰু কাইলৈ দেশজুৰি বন্ধৰ আহ্বান জনাইছে। বন্ধৰ বাবে, বেংকসমূহৰ কাম-কাজ দুদিনৰ বাবে স্থগিত থাকিব পাৰে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ইউনাইটেড ফ্ৰণ্টে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে আজি আৰু কাইলৈ দেশজুৰি বন্ধৰ আহ্বান জনাইছে। বন্ধৰ বাবে, বেংকসমূহৰ কাম-কাজ দুদিনৰ বাবে স্থগিত থাকিব পাৰে কিয়নো অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েশ্যনে বন্ধলৈ সমৰ্থন আগবঢ়াইছে। ট্ৰেড ইউনিয়নসমূহে চৰকাৰৰ কিছুমান নীতিত তাৎক্ষণিক পৰিৱৰ্তনৰ দাবী জনাইছে। ট্ৰেড ইউনিয়নবোৰে দাবী কৰে যে চৰকাৰে শ্ৰমিক সংহিতা বাতিল কৰিব লাগে, যিকোনো ধৰণৰ ব্যক্তিগতকৰণ তৎক্ষণাৎ বন্ধ কৰিব লাগে, ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন (এনএমপি) আঁতৰ কৰিব লাগে আৰু এমজিএনৰেগাৰ অধীনত মজুৰি আৱণ্টন বৃদ্ধি কৰিব লাগে আৰু ঠিকা শ্ৰমিকসকলক নিয়মীয়া কৰিব লাগে।
বৈঠকৰ পিছত ট্ৰেড ইউনিয়নে কৈছিল যে পথ, পৰিবহন আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলেও বন্ধত যোগদান কৰিব। ইয়াৰ উপৰিও, বেঙ্কিং আৰু বীমা কোম্পানীবোৰো বন্ধত অন্তৰ্ভুক্ত থাকিব। ট্ৰেড ইউনিয়নসমূহে কয়লা, তেল, ডাক, আয়কৰ আৰু কৰ আদি ইউনিয়নসমূহকো বন্ধৰ সমৰ্থনৰ বাবে আহ্বান জনাইছে। ইয়াৰ উপৰিও, ৰে'ল আৰু প্ৰতিৰক্ষা সংঘসমূহেও দুদিনৰ বাবে দেশখনত বিভিন্ন ঠাইত ধৰ্মঘট আৰু প্ৰতিবাদ অনুষ্ঠিত কৰিব। বেঙ্কিং খণ্ডত, এছ.বি.আই.-য়ে এক বিবৃতি জাৰি কৰি কয় যে বন্ধৰ ফলত বেঙ্কিং সেৱা প্ৰভাৱিত হ'ব পাৰে। ৰাজহুৱা খণ্ডৰ বেংকসমূহে ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ প্ৰতিবাদত আৰু বেঙ্কিং আইন সংশোধনী বিধেয়ক, ২০২১-ৰ বিৰুদ্ধে ধৰ্মঘট কৰি আছে। পঞ্জাৱ নেচনেল বেংক আৰু কানাৰা বেংকেও আশংকা প্ৰকাশ কৰিছে যে ধৰ্মঘটৰ ফলত স্বাভাৱিক কাৰ্যকলাপ প্ৰভাৱিত হ'ব পাৰে।
অল ইণ্ডিয়ান ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৰজিৎ কৌৰৰ মতে, সমগ্ৰ দেশৰ পৰা প্ৰায় ২০ কোটি শ্ৰমিকে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে বন্ধত যোগদান কৰিব। আনহাতে, ভাৰতীয় মজদুৰ সংঘ এই বন্ধৰ বিৰুদ্ধে। ভাৰতীয় মজদুৰ সংঘই কয় যে এই ধৰ্মঘট ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু ইয়াৰ উদ্দেশ্য হৈছে ৰাজনৈতিক লাভ কৰা, সেয়েহে তেওঁলোকে বন্ধত যোগদান নকৰে।
Published by: Kokil Sarma
First published: March 28, 2022, 08:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|