SANJEEVANI-ক গৌৰৱান্বিত কৰা কাহিনীবোৰ

News18 Assam | News18-Assam
Updated:July 22, 2021, 4:30 PM IST
SANJEEVANI-ক গৌৰৱান্বিত কৰা  কাহিনীবোৰ

  • Share this:
আটাইতকৈ অন্ধকাৰ ৰাতিবোৰতহে হেনো তৰাবোৰ আটাইতকৈ বেছি উজ্জ্বল হৈ উঠে বুলি মানুহে কয়। ক'ভিড-19 ৰ সংক্ৰমণৰ ক্ৰমাগত ঢৌৱে দেশখনৰ ওপৰত এক গভীৰ অৰ্থনৈতিক আৰু আবেগিক প্ৰভাৱ পেলাইছে। একেসময়তে ই আমাৰ সহানুভূতি আৰু পূৰ্বাৱস্থাগমনৰ বিশাল ভাণ্ডাৰক উলিয়াই অনাতো সহায় কৰিছে। এই কথাটো ভাৰতৰ সৰ্ববৃহৎ ভেকছিন সজাগতা অভিযান, Federal Bank Ltd ৰ CSR উদ্যোগ Network18 Sanjeevani – A Shot Of Life ত বাস্তৱায়িত হৈছিল। এই অভিযানে স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে এক ৰাষ্ট্ৰীয় আন্দোলন সফলতাৰে চলনক্ষম কৰি তুলিছিল। আৰু লগতে সাধাৰণ ভাৰতীয়সকলক তেওঁলোকৰ সম্প্ৰদায়ক আৰোগ্য কৰাৰ অন্বেষণত প্ৰত্যাশা বা দাবীতকৈ অধিক ওপৰলৈ ​যাবলৈ শক্তিশালী কৰি তুলিছিল।



প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ সংকল্প

 

উদাহৰণ স্বৰূপে আমি নাছিকৰ আছপক শ্বেখৰ কথা ল’ব পাৰো। মহাৰাষ্ট্ৰৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহৰ এখন জিলাৰ অন্তৰ্গত এই গাওঁখনত Sanjeevani অভিযান যেতিয়া গৈ উপস্থিত হৈছিল, আছপাকে ইতিমধ্যে '108 হেল্পলাইন সহায়'ৰ উপনাম লাভ কৰিছিল। তেওঁৰ মনত সদায় আনক সহায় কৰিবলৈ থকা স্পৃহাৰ বাবেই তেওঁ 300 জন ৰোগীক দ্বিতীয়টো ঢৌৰ শীৰ্ষ অৱস্থাত হস্পিটেলৰ বিচনা বিচাৰি পোৱাত সহায় কৰিব পাৰিছিল। Sanjeevani ৰ তৃণমূল পৰ্য্যায়ত কাম কৰি থকা দলৰ সহায়ত তেওঁ এতিয়া লোকসকলক টীকাকৰণৰ বিষয়ে শিক্ষিত কৰি আছে আৰু তেওঁলোকক টীকাকৰণৰ বাবে পঞ্জীয়ন কৰাই আছে। এই কৰ্মৰ দ্বাৰা তেওঁ তেওঁৰ সম্প্ৰদায়ক সুৰক্ষিত কৰি ৰখাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

অৱশ্যে ব্যাপক ভুল তথ্য আৰু অবিশ্বাসৰ কঠিন সময়ত সঠিক পথ অনুসৰণ কৰাটো এক সাহসী কাৰ্য্য হৈ উঠিব পাৰে। অমৃতসৰ জিলাৰ বাল্লাৰহৱাল গাঁৱৰ জস্কৰণৰ উদাহৰণৰ পৰা এইটো কথা ভালদৰে বুজিব পাৰি। জস্কৰণে সামাজিক কলংক আৰু বহিষ্কাৰকৰণৰ সীমা অতিক্ৰম কৰিছিল আৰু নিজকে আৰু লগতে তাইৰ মাককো টীকাকৰণ কৰোৱাইছিল। সঞ্জীৱনী দলৰ তৃণমূল পৰ্য্যায়ত কাম কৰি থকা দলৰ উপস্থিতিয়ে স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে জস্কৰণে আগবঢ়োৱা যুক্তিক অধিক গুৰুত্ব প্ৰদান কৰিছিল। আনকি এই কাৰ্যৰ দ্বাৰা তেওঁৰ এসময়ৰ ভেকছিনৰ প্ৰতি সন্দেহজনক চুবুৰীয়া এজনকো টীকাকৰণ কৰাবলৈ সমৰ্থ হৈছিল।



আমাক প্ৰয়োজন হোৱা দাতব্য বা সহায়ক ব্যক্তিসকল



এনে ধৰণৰ ক্ষমতাশালী সিদ্ধান্ত লোৱা কাৰ্য্য দেশৰ উন্নত আৰু সজ্জিত অংশত সচৰাচৰ দেখিবলৈ পোৱা যায়। কিন্তু যিসকল আমাৰ স্বাস্থ্যসেৱা স্থাপনৰ প্ৰান্তত পাহৰণিৰ গৰ্ভত লীন হৈ গৈ আছে তেওঁলোকৰ কি হ'ব? গ্ৰাম্য দক্ষিণ কানাড়াৰ মনোহৰ আৰু তেওঁৰ পৰিয়ালৰ কাহিনী হৈছে আন এক উদাহৰণ। এই কাহিনীয়ে বিশেষকৈ এই সংকটৰ সময়ত তেওঁলোকে সন্মুখীন হোৱা সংগ্ৰামবোৰক পোহৰাই তোলে। তেওঁৰ বৃদ্ধ পিতৃ-মাতৃক টীকাকৰণ কৰাৰ তেওঁৰ পৰিকল্পনা ৰাজ্যখনত আৰোপ কৰা লকডাউন আৰু ওচৰ-পাজৰৰ স্বাস্থ্য সুবিধাৰ অভাৱৰ ফলত ধ্বংস হৈছিল। এসময়ত এনে পৰিস্থিতি আহি পৰিছিল যে তেওঁলোকৰ টীকাকৰণ নোহোৱাকৈয়ে থাকি যাব পাৰে আৰু ঠিক তেতিয়াই তেওঁলোকক উদ্ধাৰ কৰিবলৈ Sanjeevani অভিযান আহি উপস্থিত হৈছিল। Sanjeevani অভিযানে পৰিয়ালটোক ভেকছিনৰ বিষয়ে অৱগত কৰিছিল আৰু তেওঁলোকক টীকাৰ বাবে টীকাকৰণৰ কেন্দ্ৰলৈ ভ্ৰমণৰ সুবিধা কৰি দিছিল।

একেদৰে সঞ্জীৱনী গাড়ীখন তেওঁলোকৰ সম্প্ৰদায়ত গৈ উপস্থিত নোহোৱালৈকে গুন্টুৰৰ কাভুৰু গাঁৱৰ ৰামাদুৰৰ ক'ভিড-19 কি সেই বিষয়ে অলপো ধাৰণা নাছিল। ভেনখনৰ পৰা প্ৰদৰ্শিত তথ্যপূৰ্ণ ভিডিঅ'টোৱে তাইক ক'ভিড-19 ৰ উপযুক্ত আচৰণ অনুসৰণ কৰাৰ গুৰুত্ব আৰু টীকাকৰণৰ বিষয়ে জ্ঞান প্ৰদান কৰিছিল। সজাগতা থকা লোকসকল কেতিয়াবা তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰত স্বাস্থ্য আৰু কল্যাণৰ দূত হিচাপে পৰিগণিত হয়। উদাহৰণস্বৰূপে ইন্দোৰৰ চানৱেৰ গাঁৱৰ প্ৰতিভা ভদোৰিয়াৰ কথা কব পাৰি। প্ৰতিভা ভদোৰিয়া প্ৰখ্যাত আশা NGO ৰ সৈতে সম্পৰ্কিত এগৰাকী কৰ্মী। প্ৰতিভাই ক'ভিড-19 ৰ সজাগতা বিয়পাবলৈ আৰু টীকাকৰণৰ প্ৰতি মানুহৰ মনত থকা পৌৰাণিক আৰু কাল্পনিক কাহিনীবোৰ আঁতৰ কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছে। Sanjeevani অভিযানে প্ৰতিভা ভদোৰিয়াৰ নিজৰ সম্প্ৰদায়ক সুৰক্ষা দিয়াৰ প্ৰচেষ্টাক আৰু অধিক ত্বৰান্বিত কৰিছে।



এই প্ৰতিটো কাহিনীয়ে এক বিজয়ক প্ৰতিনিধিত্ব কৰে, যি কাৰ্য্যৰ শক্তি প্ৰদৰ্শন কৰি এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰে। আপুনি আটাইবোৰ Network18 টিভি আৰু ডিজিটেল চেনেলত সম্প্ৰচাৰিত বিশেষ অনুস্থানবোৰত Sanjeevani-ৰ এই কাহিনীবোৰৰ জীৱন্ত ৰূপ উপভোগ কৰিব পাৰে। চাবলৈ নাপাহৰিব আৰু ভাৰতৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে এই সংগ্ৰামৰ প্ৰতি সহায়ৰ হাত আগবঢ়াওক।
First published: July 22, 2021, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি