যাৰ কৰ্মৰাজিৰ বাবে শ্ৰদ্ধাত দো খাই যায় মূৰ..., প্ৰধানমন্ত্ৰীৰ ছচিয়েল একাউণ্টত স্থান লাভ কৰা ৭ গৰাকী মহীয়সী

News18 Assam | News18-Assam
Updated:March 9, 2020, 12:44 PM IST
যাৰ কৰ্মৰাজিৰ বাবে শ্ৰদ্ধাত দো খাই যায় মূৰ..., প্ৰধানমন্ত্ৰীৰ ছচিয়েল একাউণ্টত স্থান লাভ কৰা ৭ গৰাকী মহীয়সী
#SheInspiresUs শীৰ্ষক হেশ্বটেগ ব্যৱহাৰ কৰি নিজৰ প্ৰেৰণামূলক কাহিনীৰে দেশৰ ৭গৰাকী মহিলা উঠিল মোদীৰ ছচিয়েল একাউণ্টত।

#SheInspiresUs শীৰ্ষক হেশ্বটেগ ব্যৱহাৰ কৰি নিজৰ প্ৰেৰণামূলক কাহিনীৰে দেশৰ ৭গৰাকী মহিলা উঠিল মোদীৰ ছচিয়েল একাউণ্টত।

  • Share this:
হঠাৎ প্ৰধানমন্ত্ৰীৰ এটা ঘোষণা। যি ঘোষণাই স্তম্ভিত কৰি তুলিছিল সমগ্ৰ দেশবাসীক। নাৰী দিৱসৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া একাউণ্ট এৰি দিয়াৰ ঘোষণা কৰিছিল। ছচিয়েল মিডিয়াত যিগৰাকী ব্যক্তিৰ ফলোৱাৰে সকলো ৰাষ্ট্ৰনেতাক চেৰ পেলাবলৈ সক্ষম হৈছে সেইগৰাকী নেতাই ছচিয়েল মিডিয়া এৰিব! সকলো সংবাদ মাধ্যমত খবৰটো স্ফুলিংগৰ দৰে বিয়পি পৰিল। মানুহে ইয়াৰ কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিলে। অৱশেষত এই উৎকণ্ঠাৰ অৱসান ঘটাইছিল খোদ প্ৰধানমন্ত্ৰী মোদীয়ে। জনালে, নাৰী দিৱসৰ দিনা মোদীয়ে নিজৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট এৰি দিব বিচাৰে।

সেই দিনটো অৱশেষত পাৰ হ’ল। #SheInspiresUs শীৰ্ষক হেশ্বটেগ ব্যৱহাৰ কৰি নিজৰ প্ৰেৰণামূলক কাহিনীৰে দেশৰ ৭গৰাকী মহিলা উঠিল মোদীৰ ছচিয়েল একাউণ্টত। যিসকল মহিলাৰ কৰ্মৰাজিৰ বাবে শ্ৰদ্ধাত মূৰ দো খাই যায় সমগ্ৰ দেশবাসীৰ। জানো আহক প্ৰধানমন্ত্ৰী মোদীৰ ছচিয়েল একাউণ্টত স্থান লাভ কৰা সেই সাতগৰাকী মহিয়সীৰ বিষয়ে।

ড০ মালবিকা আয়াৰ – বিস্ফোৰণত আহত এগৰাকী মহিলা। ৰাজস্থানৰ এই মহিলাগৰাকীয়ে বিশেষভাৱে সক্ষমসকলৰ অধিকাৰৰ বাবে দিছে যুঁজ।



স্নেহা মোহনদস – ভাৰতত প্ৰথম ফুডবেংক প্ৰতিষ্ঠা কৰিছিল।

আৰিফা জান – এই কাশ্মিৰী মহিলাগৰাকীয়ে নামদা হেণ্ডিক্ৰাফ্টছ নামেৰে এটা সংস্থা চলায়। নামদা অঞ্চলৰ হেৰাই যোৱা হস্তশিল্পক পুনৰুজ্জীৱিত কৰিছে মহিলাগৰাকীয়ে।

কল্পনা ৰমেশ – কল্পনাৰ যুঁজ পানী সংৰক্ষণৰ বাবে। বৰষুণৰ পানী সংৰক্ষণ কৰিছে কল্পনাই। হায়দৰাবাদত কল্পনাই কৰিছে হ্ৰদ সংস্কাৰ।

বিজয়া পাৱাৰ – বানজাৰা সম্প্ৰদায়ৰ এগৰাকী মহিলা। বিজয়াই নিজেই প্ৰস্তুত কৰা এমব্ৰইদাৰী আত্মসহায়ক গোটৰ দ্বাৰা বিভিন্ন স্থানলৈ সম্প্ৰসাৰণ কৰিছে।

কলাৱতী দেৱী – কাণপুৰৰ বাসিন্দা এইগৰাকী মহিলাৰ যুঁজ বেলেগ ধৰণৰ। শৌচাগাৰ সংস্কাৰ কৰিছে মহিলাগৰাকীয়ে। মহিলাসকলৰ বাবে পৰ্যাপ্ত শৌচাগাৰ নিৰ্মাণ কৰা আৰু ঋতুকালীন সময়ত ছেনিটেৰী নেপকিন ব্যৱহাৰ নিশ্চিত কৰাই মহিলাগৰাকীৰ লক্ষ্য।

বীণা দেৱী – নিজৰ ঘৰতে বৃক্ষৰোপণৰ কাম আৰম্ভ কৰিছিল মহিলাগৰাকীয়ে। এতিয়া নিজৰ গাঁৱৰ মুখিয়াল অৰ্থাৎ গাঁওবুঢ়া এইগৰাকী মহিলা।
Published by: Sanjay Kumar Das
First published: March 9, 2020, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি