PUBG খেলাত বাধা দিয়াৰ ভয়ংকৰ পৰিণতি, ১৫ বছৰীয়া কিশোৰে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

গুৰুতৰভাৱে আহত মহম্মদ শ্বেখক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

News18-Assam
Updated:June 30, 2019, 5:31 PM IST
PUBG খেলাত বাধা দিয়াৰ ভয়ংকৰ পৰিণতি, ১৫ বছৰীয়া কিশোৰে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক
গুৰুতৰভাৱে আহত মহম্মদ শ্বেখক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
News18-Assam
Updated: June 30, 2019, 5:31 PM IST
মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱণ্ডীত এটি ১৫ বছৰীয়া কিশোৰে PUBG খেলাত বাধা দিয়াৰ বাবে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, শনিবাৰে পুৱা মহম্মদ শ্বেখ নামৰ যুৱকজনে ভাতৃক ম’বাইলত PUBG খেলাত বাধা প্ৰদান কৰিছিল। তাৰ পিছতে কনিষ্ঠ ভাতৃয়ে খঙত মহম্মদ শ্বেখৰ মূৰ দেৱালত খুন্দিওৱাৰ লগতে কেঁচীৰে আক্ৰমণ কৰে।

গুৰুতৰভাৱে আহত মহম্মদ শ্বেখক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই অনলাইন গেমক লৈ উত্থাপন হৈছিল প্ৰশ্নৰ। বিগত মাহত আহমেদাবাদত ১৯ বছৰীয়া এগৰাকী মহিলাই PUBG খেলৰ বাবেই স্বামীৰ পৰা তালাক বিচাৰিছিল, কিয়নো স্বামীয়ে মহিলাগৰাকীক PUBG খেলিবলৈ দিয়া নাছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি