অমৰিন্দৰ সিং বিৰক্ত! কেপ্টেইন অমৰিন্দৰ সিং নহয়, তেওঁ ভাৰতীয় ফুটবল দলৰ ফুটবলাৰ অমৰিন্দৰ (Indian Footballer Amrinder Singh)। এইকেইদিন ভুলতে হ’লে বহু লোকে টুইটাৰ আৰু ছচিয়েল মিডিয়াত তেওঁক টেগ কৰি গৈছে কেপ্টেইন অমৰিন্দৰ সিং (Ex Punjab CM Captain Amrinder Singh) বুলি ভাবি। কিছুদিন ধৈৰ্য ধৰাৰ পিছত আৰু নীৰৱে থাকিব নোৱাৰিলে তেওঁ। টুইট কৰি ক’লে, ‘‘প্ৰিয় নিউজ মিডিয়া আৰু সাংবাদিকসকল, মই অমৰিন্দৰ সিং, ভাৰতীয় ফুটবল দলৰ গ’লকীপাৰ, পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নহয়। প্লিজ মোক টেগ কৰা বন্ধ কৰক!’’
ধেমালি কৰি এই টুইট কৰিলেও তাত বিৰক্তিৰ ভাৱ স্পষ্ট। পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ ইস্তাফাৰ পিছত সম্প্ৰতি ইস্তাফা দিছে নৱজোত সিং সিদ্ধুও। পঞ্জাবৰ ৰাজনীতি কিছুদিন ধৰি গৰম হৈ আছে। এই অৱস্থাত ফুটবলাৰ অমৰিন্দৰ সিঙৰ এই টুইটে কিছু হ’লেও ‘কমিক ৰিলিফ’ দিছে। ইমানদিনে বিভিন্ন পোষ্টত তেওঁক পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং বুলি ভাৱি টেগ কৰি আছিল বিভিন্ন সংবাদ মাধ্যমে। সেয়েহে তেওঁ অযথা টেগ নকৰিবলৈ অনুৰোধ জনায় সংবাদ মাধ্যমক।
ফুটবলাৰ অমৰিন্দৰ সিঙক ৰিপ্লাই কৰিছে পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙেও। তেওঁ লিখিছে, ‘‘তোমাৰ বাবে দুঃখিত, মোৰ বন্ধ...।’’
Published by: Sanjay Kumar Das
First published: September 30, 2021, 18:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|