CAA বিৰোধী প্ৰতিবাদকাৰীৰ মাজত লুঙী–টুপি পিন্ধি বিজেপি কৰ্মীয়ে সংঘটিত কৰিলে হিংসাত্মক কাৰ্য!

News18 Assam | News18-Assam
Updated:December 21, 2019, 2:43 PM IST
CAA বিৰোধী প্ৰতিবাদকাৰীৰ মাজত লুঙী–টুপি পিন্ধি বিজেপি কৰ্মীয়ে সংঘটিত কৰিলে হিংসাত্মক কাৰ্য!
Source-The Telegraph

দেশজুৰি তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ঠায়ে ঠায়ে প্ৰতিবাদৰ নামত ব্যাপক ৰূপত সংঘটিত হৈছে হিংসাত্মক কাৰ্য।

  • Share this:
দেশজুৰি তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ঠায়ে ঠায়ে প্ৰতিবাদৰ নামত ব্যাপক ৰূপত সংঘটিত হৈছে হিংসাত্মক কাৰ্য।

বিজেপিয়ে প্ৰতিবাদত কংগ্ৰেছ বা অন্যান্য দলৰ উচতনিত হিংসাত্মক কাৰ্যৰ সূত্ৰপাত হৈছে বুলি অভিযোগ অনাৰ সময়তে পশ্চিম বংগৰ মূৰ্ছিদাবাদত CAA বিৰোধী প্ৰতিবাদত লুঙী–টুপি পিন্ধি সোমাইছে বিজেপি কৰ্মী।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম দ্য টেলিগ্ৰাফে প্ৰকাশ কৰিছে এই খবৰৰ সবিশেষ। প্ৰায় ছয় জনীয়া এটা দলে ছদ্মবেশ ধৰি প্ৰতিবাদৰ সময়ত হিংসাত্মক কাৰ্য সংঘটিত কৰে। পিছত ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে দলটোক। দলটোত মুছলমানৰ লুঙীটুপি পৰিধান কৰি গাড়ীয়ে শিল নিক্ষেপ কৰা অভিষেক সৰকাৰ নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰি স্থানীয় বিজেপি কৰ্মী বুলি চিনাক্ত কৰিছে। কিন্তু অভিষেক সৰকাৰ বিজেপিৰ সদস্য নহয় বুলি দাবী কৰিছে ৰাজ্যিক বিজেপিয়ে।

প্ৰতিবাদৰ সময়ত এই সকলে আৰক্ষীলৈ শিল নিক্ষেপ কৰাৰ লগতে কেইবাখনে গাড়ী ক্ষতিসাধন কৰে। পিছত লোক কেইজনৰ এনে কাণ্ডই পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading