Budget 2021: অৰ্থনৈতিক চাৰ্ভেৰ পিছত শ্বেয়াৰ বজাৰত হাহাকাৰ, জানক কিমান নামিল শ্বেয়াৰৰ সূচাংক

News18 Assam | News18-Assam
Updated:January 29, 2021, 6:04 PM IST
Budget 2021: অৰ্থনৈতিক চাৰ্ভেৰ পিছত শ্বেয়াৰ বজাৰত হাহাকাৰ, জানক কিমান নামিল শ্বেয়াৰৰ সূচাংক
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ইক’নমিক চাৰ্ভে (Economic Survey 2021) দাখিল কৰে। ইক’নমিক চাৰ্ভে দাখিল কৰাৰ পিছতে বজাৰত হাহাকাৰ দেখিবলৈ পোৱা যায় BSE sensex আৰু NSE nifty দুয়োটাই ৰঙা চিহ্নৰে বন্ধ হয়।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ইক’নমিক চাৰ্ভে (Economic Survey 2021) দাখিল কৰে। ইক’নমিক চাৰ্ভে দাখিল কৰাৰ পিছতে বজাৰত হাহাকাৰ দেখিবলৈ পোৱা যায় BSE sensex আৰু NSE nifty দুয়োটাই ৰঙা চিহ্নৰে বন্ধ হয়।

  • Share this:
নতুন দিল্লীঃ আজি বিত্তমন্ত্ৰীয়ে লোকসভাত ইক’নমিক চাৰ্ভে (Economic Survey 2021) দাখিল কৰে। এই চাৰ্ভে দাখিল কৰাৰ পিছতে বজাৰত হাহাকাৰ দেখিবলৈ পোৱা যায়। চেনচেক্স (BSE sensex) আৰু নিফটী (NSE nifty) দুয়োটাৰে ইণ্ডেক্স ৰঙা চিহ্নৰে বন্ধ হয়। BSEৰ মুখ্য ইণ্ডেক্স চেনছেক্স ৫৮৮ পইণ্ট অৰ্থাৎ প্ৰায় ১.২৬শতাংশ নামি ৪৬,২৮৫.৭৭ৰ স্তৰত বন্ধ হয়। ইয়াৰ বাহিৰে নিফটী ১৮৩ অংক অৰ্থাৎ ১.৩২ শতাংশ নামি ১৩৬৩৫ৰ স্তৰত বন্ধ হয়।

ইক’নমিক চাৰ্ভেত বিত্তীয় বৰ্ষ ২০২১ৰ জিডিপি গ্ৰ’থ ৭.৭ শতাংশ তললৈ নমাৰ অনুমান কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে যদি এনে হয় তেনেহ’লে বিগত ৪২বছৰৰ ভিতৰত এইবাৰ জিডিপি গ্ৰ’থ সকলোতকৈ শোচনীয় হ’ব। অৱশ্যে প্ৰকৃত জিডিপি গ্ৰ’থ ১১শতাংশ থকাৰ অনুমান।

চেক্টৰিয়েল ইণ্ডেক্সৰ অৱস্থা কেনে হ’ব?

চেক্টৰিয়েল ইণ্ডেক্সৰ কথা ক’লে দিনটোৰ ব্যৱসায়ৰ পিছত বেংক নিফটি সেউজীয়া চিহ্নত বন্ধ হয়। ইয়াৰ বাহিৰে সকলো চেক্টৰত হাহাকাৰ অৱস্থা। BSE অট’, কেপিটেল গুডচ. কন্জুমাৰ ডিউৰেবল, এফএমচিজি, হেলথকেয়াৰ, বিএছই আইটি, মেটেল, অইল এণ্ড গেচ, পিএচইউ আৰু টেক চেক্টৰ্ছ ৰঙা চিহ্নত বন্ধ হয়।

টপ গেনাৰ্চ শ্বেয়াৰ্ছ

চেনচেক্সৰ ৩০ৰ ভিতৰত ২৬টা শ্বেয়াৰ আজি ৰঙা চিহ্নত বন্ধ হয়। ইয়াৰ বাহিৰে ৪টা শ্বেয়াৰ্ছৰ ভাল ক্ৰেতা দেখিবলৈ পোৱা যায়। IndusInd Bank–এ ৫.৯৭ শতাংশ বৃদ্ধিৰে টপ গেনাৰ্ছৰ তালিকাত সোমায়। ইয়াৰ বাহিৰে Sun Pharmaত ৩.৯১শতাংশ বৃদ্ধি হয়। ICICI Bank ২.০৫শতাংশ মজবুত থাকে। আনহাতে HDFC Bankত ১.৬১ শতাংশ বৃদ্ধি দেখা যায়।

টপ লুজাৰ্ছ শ্বেয়াৰ্ছ

ইয়াৰ বাহিৰে পতন ঘটা ষ্টকছৰ ভিতৰত Dr reddy, মাৰুতী, ভাৰতী এয়াৰটেল, বাজাজ অট’, ইনফ’চিচ, টিচিএছ, বাজাজ ফাইনেন্স, এনটিপিচি, অ’এনজিচি, HCL Tech, HDFC, ITC, LT, এক্সিচ বেংক, কটেক মহিন্দ্ৰা বেংক, ৰিলায়েন্স আৰু এছবিআইৰ পতন দেখিবলৈ পোৱা যায়।

স্মলকেপ–মিডকেপ ইণ্ডেক্স
>> স্মলকেপ ইণ্ডেক্সৰ কথা ক’লে এইটো ৫৬.০২ অংকৰ পতন ঘটি ১৭৯৭৭.৮৮ৰ লেভেলত বন্ধ হয়।
>> মিডকেপ ইণ্ডেক্স ১৬০.৫১ পইণ্ট পতন ঘটি ১৮০৪৭.৮৬ত ক্ল’জ হয়।
>> CNX Midcap ইণ্ডেক্স ১২১.৩০ অংক পতন ঘটি ২০৮৬৮.৭০ৰ স্তৰত বন্ধ হয়।
First published: January 29, 2021, 6:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি