• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Narendra Modi: অৰুণাচলৰ ৰাজ্য স্থাপনা দিৱসত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত 'অৰুণাচল হামাৰা' গালে প্ৰধানমন্ত্ৰী মোদীয়ে

PM Narendra Modi: অৰুণাচলৰ ৰাজ্য স্থাপনা দিৱসত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত 'অৰুণাচল হামাৰা' গালে প্ৰধানমন্ত্ৰী মোদীয়ে

FILE PHOTO

FILE PHOTO

ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা অৰুণাচলত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বুলি মত প্ৰকাশ মোদীৰ।

  • Share this:

অৰুণাচল প্ৰদেশে ৰাজ্য ৰূপে স্বীকৃত হোৱাৰ ৩৬সংখ্যক বৰ্ষপূৰ্তিৰ (36th Statehood day) লগতে ৰাজ্যখনৰ নামাকৰণৰ ৫০ বছৰ পূৰ্তি পালন কৰে। কালি এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তাত উপস্থিত হয়।


অৰুণাচল প্ৰদেশৰ উক্ত ঐতিহ্যময় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও (Narendra Modi) অৰুণাচল প্ৰদেশৰ জনসাধাৰণক সম্বোধন কৰি ভাষণ দিয়ে। ৰাজ্যখনলৈ শুভেচ্ছা জ্ঞাপন কৰি মোদীয়ে অৰুণাচল প্ৰদেশত উন্নয়নৰ গতি বৃদ্ধিৰ বাবে চৰকাৰে কৰা কামৰ খতিয়ান দাঙি ধৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা ৰাজ্যখনৰ ভূমিকাৰ কথাটো বিবেচনা কৰি তাত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বুলি প্ৰকাশ কৰে।


প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস কৰে যে একবিংশ শতিকাত পূব ভাৰত আৰু বিশেষকৈ উত্তৰ-পূব দেশৰ উন্নয়নৰ ইঞ্জিন হ'ব। অৰুণাচল প্ৰদেশক (Arunachal Pradesh) পূব এছিয়াৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে সম্পূৰ্ণ শক্তিৰে কাম কৰি থকাৰ বিষয়ে জানিবলৈ দিয়ে।


ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰা প্ৰধানমন্ত্ৰী মোদীয়ে পাহৰি নাযায় সুধাকণ্ঠ ভূপেন হাজৰিকাকো। তেওঁ ভাৰত ৰত্ন, অসমসন্তান ড০ ভূপেন হাজৰিকাৰ বিখ্যাত গীত 'অৰুণাচল হামাৰা'ৰ শাৰীও উদ্ধৃত কৰে (Dr. Bhupen Hazarika’s famous song ‘Arunachal Hamara’)। দেশপ্ৰেম আৰু সামাজিক সম্প্ৰীতিৰ অনুভূতি বৃদ্ধি কৰাৰ লগতে দেশৰ সাংস্কৃতিক উত্তৰাধিকাৰ সংৰক্ষণৰ বাবে অৰুণাচল প্ৰদেশক প্ৰশংসা কৰে মোদীয়ে।


তেওঁ উল্লেখ কৰিছিল যে অৰুণাচলে প্ৰকৃতি আৰু সংস্কৃতিৰ সৈতে সামঞ্জস্য ৰাখি আগবাঢ়ি আছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে নিৰন্তৰভাৱে কাম কৰাৰ বাবে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুকো প্ৰশংসা কৰে৷

Published by:Gautam Barman
First published: