
আজি ৰাজ্যখনত কোনো মনোৰঞ্জনমূলক কাৰ্যসূচী কৰা নহ’ব।
আজি ৰাজ্যখনত কোনো মনোৰঞ্জনমূলক কাৰ্যসূচী কৰা নহ’ব।
আজি গুজৰাট ৰাজ্যত পালন কৰা হৈছে ৰাজ্যিক শোকৰ দিৱস। মৰ্মান্তিক মৰবি দুৰ্ঘটনাৰ পিছতেই চৰকাৰী ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। লগতে ৰাজ্যখনত কোনো মনোৰঞ্জনমূলক কাৰ্যসূচী কৰা নহ’ব। উল্লেখ্য যে, দেওবাৰে সন্ধিয়া মৰবিৰ মাচু নদীৰ ওপৰত হোৱা ওলমা দলং ভাঙি পৰা দুৰ্ঘটনাত ১২৫ জনৰো অধিক লোক নিহত হয়। জানিব পৰা মতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মুঠ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মৰবিত দলং দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পূৰ্বে তেওঁ দুৰ্ঘটনাটোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ বৈঠকো অনুষ্ঠিত কৰে। ইয়াৰোপৰি তেওঁ চিকিৎসালয়লৈ গৈ আঘাতপ্ৰাপ্ত লোকসকলক সাক্ষাৎ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি যিসময়ত এই দলংখন ভাঙি পৰিছিল সেই সময়ত এই দলঙৰ ওপৰত ৫০০ জনতকৈ অধিক লোক আছিল। মন কৰিবলগীয়া যে, এই দলংখনৰ ক্ষমতা মাত্ৰ ১২৫ জন লোকৰ বোজা কঢ়িওৱাহে আছিল।
এনডিআৰএফৰ বিষয়াই জনোৱা অনুসৰি গুজৰাটৰ মৰবি দলং দুৰ্ঘটনাত নিহতৰ সংখ্যা কম হ’লহেঁতেন যদিহে সেই সময়ছোৱাত দলঙৰ তলত পানীৰ গভীৰতা আৰু শিল কম থাকিলেহেঁতেন। নদীখনৰ মাজভাগত যি ঠাইত পানী প্ৰায় স্থবিৰ হৈ আছে, য’ত পানীৰ কোনো প্ৰবাহ নাই, সেই ঠাইত পানীৰ গভীৰতা ২০ ফুটৰ ওচৰত বুলি বিষয়াজনে জনায়।
তেওঁ কয় যে বেছিভাগ মৃতদেহ ভঙা দলঙৰ তলত পোৱা গৈছিল কিয়নো নদীত কোনো প্ৰবাহ নাছিল আৰু পানীয়ে তেওঁলোকক বোৱাই নিব নোৱাৰিলে। লগতে কয় যে সন্ধানহীন লোকসকলৰ বাবে অসামৰিক প্ৰশাসনে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি বৰ্তমান মাত্ৰ এটা বা দুটা মৃতদেহৰ সন্ধান কৰিবলৈহে বাকী আছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|