দেশৰ আটাইতকৈ ডাঙৰ বেংক এছবিআই–এ উত্সৱৰ বতৰত গ্ৰাহকৰ কাৰণে লৈ আহিছে ‘ইণ্ডিয়া কা দিৱালী’ অফাৰ। SBI–এ নিজৰ ক্ৰেডিট কাৰ্ড গ্ৰাহকৰ প্ৰত্যেকটো ক্ৰয়ত কেশ্ববেক আৰু ডিচকাউণ্ট প্ৰদান কৰিছে। বেংকৰ এই অফাৰৰ অধীনত কাপোৰ, ডাইনিং, ইলেকট্ৰ’নিক্স, গ্ৰচাৰী, জুৱেলাৰীৰ ক্ষেত্ৰত আকৰ্ষণীয় ডিচকাউণ্ট লাভ কৰিব। যদি আপুনি উত্সৱৰ বতৰত অধিক খৰছ কৰে তেনেহ’লে পাব আকৰ্ষণীয় উপহাৰ। ৩১ অক্টোবৰলৈ এই অফাৰৰ ম্যাদ সীমিত।
প্ৰতি ঘণ্টাত উপহাৰ জিকাৰ সুযোগঘণ্টাৰ ভিত্তিত উপহাৰৰ ক্ষেত্ৰত ৫০জন লোকে পিউমাৰ পৰা ১০০০টকাৰ উপহাৰ কুপন লাভ কৰিব। ডেইলী প্ৰাইজৰ ক্ষেত্ৰত দৈনিক ১০জন লোকে ৬,৯৯৯টকাৰ নইজৰ ৱায়াৰলেছ হেডফোন পাব। সেইদৰে উইকলী প্ৰাইজৰ ক্ষেত্ৰত প্ৰতি সপ্তাহত ২০জন লোকে Mi A3 স্মাৰ্টফোন পাব। এই ম’বাইলৰ মূল্য ১৭,৪৯৯টকা।
১লাখ টকাৰ মেগা প্ৰাইজযদি আপুনি এই অফাৰৰ অধীনত সকলোতকৈ অধিক খৰছ কৰে তেনেহ’লে বহুতো উপহাৰ লাভ কৰিব। এই প্ৰগামৰ অধীনত ১২জন বিজেতাই মেক মাই ট্ৰিপৰ ১লাখ টকা মূল্যৰ হলিডে’ ভাউচাৰ, চাঅ’মিৰ স্মাৰ্টফোন, স্মাৰ্ট ডিভাইচ সহ বহুতো উপহাৰ লাভ কৰিব। এই অফাৰ EMI ট্ৰানজেকচেনৰ ক্ষেত্ৰতো প্ৰযোজ্য। অৱশ্যে আন কোনো অফাৰৰ সৈতে ইয়াক একেলগে পোৱা নাযাব।
২০শতাংশলৈ ৰেহাই আৰু কেশ্ববেকএই অফাৰৰ অধীনত বজাৰ কৰিলে ২০শতাংশলৈ ৰেহাই লাভ কৰিব। একেদৰে ৬০০০টকাৰ কেশ্ববেকো লাভ কৰিব। চেমচাং নোট10 কিনিলে ৬০০০টকাৰ কেশ্ববেক পাব। এই অফাৰ ৩১ অক্টোবৰ, ২০১৯লৈ সীমিত। ইয়াৰ বাহিৰে ক্ৰমাৰ পৰা শ্বপিং কৰিলে ৫শতাংশ কেশ্ববেক, হায়াৰৰ সামগ্ৰীত ২০শতাংশলৈ কেশ্ববেক পাব। একেদৰে Swiggyৰ পৰা খাদ্য ক্ৰয় কৰিলেও ২০শতাংশ ডিচকাউণ্ট পাব।
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|