• Home
  • »
  • News
  • »
  • nation
  • »
  • SBI-এ কাইলৈৰ পৰা সমগ্ৰ দেশত বিকিব সস্তীয়া ঘৰ, লোৱাৰ ইচ্ছা আছে যদি জানি লওক এইখিনি কথা

SBI-এ কাইলৈৰ পৰা সমগ্ৰ দেশত বিকিব সস্তীয়া ঘৰ, লোৱাৰ ইচ্ছা আছে যদি জানি লওক এইখিনি কথা

সস্তাত ঘৰ ক্ৰয় কৰিবলৈ এই সময়চোৱাত আপোনাৰ কাৰণে ভাল সুযোগ আছে। দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক SBI (State Bank Of India)–এ সস্তাত প্ৰপাৰ্টী নীলাম কৰিবলৈ গৈ আছে। এই নীলামী কাইলৈৰ পৰা অৰ্থাৎ ৩০ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।

সস্তাত ঘৰ ক্ৰয় কৰিবলৈ এই সময়চোৱাত আপোনাৰ কাৰণে ভাল সুযোগ আছে। দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক SBI (State Bank Of India)–এ সস্তাত প্ৰপাৰ্টী নীলাম কৰিবলৈ গৈ আছে। এই নীলামী কাইলৈৰ পৰা অৰ্থাৎ ৩০ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।

সস্তাত ঘৰ ক্ৰয় কৰিবলৈ এই সময়চোৱাত আপোনাৰ কাৰণে ভাল সুযোগ আছে। দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক SBI (State Bank Of India)–এ সস্তাত প্ৰপাৰ্টী নীলাম কৰিবলৈ গৈ আছে। এই নীলামী কাইলৈৰ পৰা অৰ্থাৎ ৩০ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।

  • Share this:
নতুন দিল্লীঃ সস্তাত ঘৰ ক্ৰয় কৰিবলৈ বিচৰাসকলৰ কাৰণে এই সময়চোৱাত ভাল সুযোগ আছে। দেশৰ সকলোতকৈ ডাঙৰ চৰকাৰী বেংক SBI–এ (State Bank Of India) সস্তাত সম্পত্তি নীলাম কৰিবলৈ গৈ আছে। এই নীলাম প্ৰক্ৰিয়া ৩০ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। যদি আপোনাৰো সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেনেহ’লে নিজৰ সকলো ডকুমেণ্ট প্ৰস্তুত কৰি ৰাখক যাতে পৰৱৰ্তী সময়ত আপোনাৰ কোনো অসুবিধা নহয়। উল্লেখ্য যে, ইয়াত ৰেচিডেনচিয়েল, কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰীয়েল আটাই প্ৰকাৰৰ সম্পত্তি অন্তৰ্ভুক্ত। যদি আপুনি কম টকাৰে ঘৰ ক্ৰয় কৰাৰ সপোন পূৰণ কৰিব বিচাৰিছে তেনেহ’লে এয়া সুন্দৰ সুযোগ। উল্লেখ্য যে, এইবোৰ হৈছে ডিফাল্টত অহা প্ৰপাৰ্টী লিষ্টৰ ঘৰ।

ডিফাল্ট প্ৰপাৰ্টীৰ নীলাম হয়

যিসমূহ সম্পত্তিৰ মালিকে নিজৰ লোন আদায় নিদিয়ে বা কিবা কাৰণবশতঃ দিব নোৱাৰে তেতিয়া তেওঁলোকৰ প্ৰপাৰ্টী বেংকৰ দ্বাৰা নিজৰ কব্জালৈ অনা হয়। SBI–এ সময়ে সময়ে এইধৰণৰ প্ৰপাৰ্টীৰ নীলাম কৰি থাকে। এই নীলামত বেংকে প্ৰপাৰ্টী বেচি নিজৰ বকেয়া ৰাশি আদায় কৰে।

এই সন্দৰ্ভত SBI–এ টুইট কৰি তথ্য প্ৰকাশ কৰিছে



নীলামত অংশ লোৱাৰ পূৰ্বে এইসমূহ কথাৰ প্ৰতি গুৰুত্ব দিয়ক
>> SBI–এ নীলামৰ জৰিয়তে বকেয়া আদায়ৰ কাৰণে লোন ডিফল্টাৰৰ বন্ধক সম্পত্তি আগবঢ়ায় আৰু এই সন্দৰ্ভত নিজৰ ছচিয়েল মিডিয়া হেণ্ডেল–ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ লগতে সকলো মুখ্য বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰে।

>> নীলামৰ মূল্য বজাৰৰ বাস্তৱিক মূল্যতকৈ কম হ’ব। মেগা ই–নীলামৰ সময়ত ব্যক্তিসকলৰ ওচৰত আৱাসিক, বাণিজ্যিক আৰু ঔদ্যোগিক সম্পত্তিৰ নীলামৰ সুযোগ লাভ কৰিব।

>> ইয়াৰ বাহিৰে প্ৰপাৰ্টীৰ কাৰণে EMDৰ প্ৰয়োজন হ’ব।

>> KYC ৰ সৈতে জৰিত সকলো ডকুমেণ্ট শাখাত জমা কৰাব লাগিব।

>> ভেলিড ডিজিটেল চিগনেচাৰঃ ডাক দিওতাই চিগনেচাৰ প্ৰাপ্ত কৰিবলৈ ই–নীলামকৰ্তা বা আন কোনো অধিকৃত এজেন্সীৰ সৈতে সম্পৰ্ক কৰিব পাৰে।

>> যেতিয়া ডাক দিওতাই ই এম ডি জমা আৰু কেৱাইচি নথি সম্বন্ধিত শাখাত জমা কৰিব তাৰ পিছত ৰেজিষ্টাৰ্ড লগ ইন আইডি আৰু পাচৱৰ্ড ই–নীলামকৰ্তাৰ দ্বাৰা ইমেইল আইডিৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব।

>> নীলামৰ নিয়ম অনুসৰি ডাক দিওতাই নীলামৰ তাৰিখৰ সময়ত লগইন আৰু ডাক দিয়া প্ৰয়োজন।

এইসমূহ আগন্তুক দিনত হ’ব নীলাম–
আগন্তুক সাত দিনত–৭৫৮ (ৰেচিডেনচিয়েল) ২৫১ (কমাৰ্চিয়েল) ৯৮ (ইণ্ডাষ্ট্ৰিয়েল)
আগন্তুক ৩০ দিনত–৩০৩২ (ৰেচিডেনচিয়েল) ৮৪৪ (কমাৰ্চিয়েল) ৪১০ (ইণ্ডাষ্ট্ৰিয়েল

SBIৰ নীলামৰ বিষয়ে জানিবলৈ আপুনি এইসমূহ লিংকত ভিজিট কৰিব পাৰে–
>> bankeauctions.com/Sbi;
>> sbi.auctiontiger.net/EPROC/;
>> ibapi.in; and
>> mstcecommerce.com/auctionhome/ibapi/index.jsp.
First published: