অৰ্ণৱ গোস্বামীক অপদস্থ কৰা কমেডিয়ান কুণাল কামৰাই ইণ্ডিগ’ৰ ওপৰত তৰিলে ২৫লাখ টকাৰ মানহানি

News18 Assam | News18-Assam
Updated:February 1, 2020, 5:15 PM IST
অৰ্ণৱ গোস্বামীক অপদস্থ কৰা কমেডিয়ান কুণাল কামৰাই ইণ্ডিগ’ৰ ওপৰত তৰিলে ২৫লাখ টকাৰ মানহানি
বিনা চৰ্তে ক্ষমা খুজিবলৈ ইণ্ডিগ’ এয়াৰলাইনছক দাবী কৰিলে কামৰাই।

বিনা চৰ্তে ক্ষমা খুজিবলৈ ইণ্ডিগ’ এয়াৰলাইনছক দাবী কৰিলে কামৰাই।

  • Share this:
মঙলবাৰে মুম্বাই–লক্ষ্নৌৰ মাজত বিমানযাত্ৰাত ষ্টেণ্ড আপ কমেডিয়ান কুণাল কামৰাই সহযাত্ৰী তথা ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক অপদস্থ কৰিছিল। ইয়াৰ পিছতে কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী হৰদীপ এছ পুৰীৰ তৎপৰতাত ইণ্ডিগ’ই কামৰাক ছমাহৰ কাৰণে নিষিদ্ধ কৰিছিল। একেসময়তে আন কেইবাখনো এয়াৰলাইন্সয়েও কামৰাক নিষিদ্ধ কৰিছিল।

এই নিষিদ্ধকৰণৰ পিছত কুণাল কামৰাই ইণ্ডিগ’ এয়াৰলাইন্স (Indigo)ক আইনী জাননী জাৰি কৰিছে। তেওঁৰ ওপৰত লগোৱা ৬মাহৰ নিষিদ্ধিকৰণ উঠাই ল’বলৈ এই জাননীত কোৱা হৈছে। লগতে ইণ্ডিগ’ই দিয়া মানসিক পীড়া আৰু বেদনাৰ কাৰণে ২৫লাখ টকাৰ ক্ষতিপূৰণ বিচাৰিছে কামৰাই।

কামৰাই এই জাননীত বিনা চৰ্তে ক্ষমা খুজিবলৈ ইণ্ডিগ’ক আহ্বান জনাই প্ৰতিখন খবৰ কাকতত ক্ষমা পত্ৰ ছপা কৰিবলৈ কৈছে। কামৰাৰ মতে অৰ্ণৱ গোস্বামীৰ সৈতে তেওঁ কোনো ধৰণর অশিষ্ট আৰু অভব্য আচৰণ কৰা নাছিল। ৰোহিত বেমূলাৰ মৃত্যুৰ ক্ষেত্ৰত অৰ্ণৱ গোস্বামীৰ টিভি শ্ব’ৰ কভাৰেজক লৈ মনৰ ক্ষোভ প্ৰকাশ কৰাৰ কথা কৈ কুণাল কামৰাই কয় যে এই উত্তৰ নিদিয়ে তেওঁ নিজকে ক্ষমা কৰিব নোৱাৰিলেহেঁতেন। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰোহিতে ২০১৬চনত আত্মহত্যা কৰিছিল।

অৰ্ণৱ গোস্বামীৰ সাংবাদিকতাৰ নীতিক সমালোচনা কৰি বিমানত গোস্বামীক হাৰাশাস্তি কৰাৰ ভিডিও নিজেই টুইটাৰত আপলোড কৰিছিল কামৰাই। ইয়াৰ পিছতে ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া আৰু স্পাইচজেটে কামৰাক নিষিদ্ধ কৰিছিল।



 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি