এটা ভিডিঅ’ ক্লিপত শিল্পীগৰাকীয়ে দেৱী পাৰ্বতীৰ সাজ পৰিধান কৰি গণেশ উৎসৱ উপলক্ষে আয়োজন কৰা এক নাট্য অনুষ্ঠানত দৰ্শকৰ সন্মুখত নৃত্য কৰি আছিল। অভিনয় কৰি থাকোঁতেই হঠাতে তেওঁ ঢলি পৰে। কিন্তু দৰ্শক আৰু সহশিল্পীসকলে ধৰিবই পৰা নাছিল যে যোগেশৰ হাৰ্ট এটেক হৈছে। তেওঁলোকে ভাবিছিল যোগেশে অভিনয় কৰি নাটকখনত নিজৰ ভূমিকা পালন কৰি আছে। আনকি নাটকৰ পটভূমিত শিৱ বন্দনাৰ গানো পূৰাদমে বাজি আছিল। খন্তেক পিছতে শিৱৰ ভাও লোৱা সহশিল্পীজনে নিজৰ ভাওত অভিনয় কৰিব আহোতেহে গম পালে যে যোগেশ গুপ্তা অচেতন হৈ পৰি আছে। যোগেশক জগাই তোলাৰ চেষ্টা কৰে যদিও যোগেশৰ চেতনা নহাত আন সহকৰ্মীক সহায়ৰ বাবে মাতে। ততাতৈয়াকৈ যোগেশক চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু ঘটিছিল।
#BREAKING
Yogesh Gupta, who was playing the role of Mother Parvati in #Jammu, suddenly had a cardiac arrest and then died in a few moments. He was just 20 years Old.
Its #Shocking