• Home
  • »
  • News
  • »
  • nation
  • »
  • শ্ৰীনগৰত ২ শিক্ষকক গুলীয়াই হত্যা, পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইকৰ দাবী

শ্ৰীনগৰত ২ শিক্ষকক গুলীয়াই হত্যা, পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইকৰ দাবী

বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাক লৈ আৰক্ষীয়ে কয় যে সন্ত্ৰাসবাদীৰ ফালৰ পৰা এই কাম পাকিস্তানত বহি থকা নিয়ন্ত্ৰণকাৰীৰ নিৰ্দেশত হৈছে।

বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাক লৈ আৰক্ষীয়ে কয় যে সন্ত্ৰাসবাদীৰ ফালৰ পৰা এই কাম পাকিস্তানত বহি থকা নিয়ন্ত্ৰণকাৰীৰ নিৰ্দেশত হৈছে।

বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাক লৈ আৰক্ষীয়ে কয় যে সন্ত্ৰাসবাদীৰ ফালৰ পৰা এই কাম পাকিস্তানত বহি থকা নিয়ন্ত্ৰণকাৰীৰ নিৰ্দেশত হৈছে।

  • Share this:


জম্মু–কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে দুই শিক্ষকক হত্যা কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন ৰাজনৈতিক দলে। ইমানেই নহয় কেন্দ্ৰীয় চৰকাৰক পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰাৰো দাবী উত্থাপিত হৈছে। বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাক লৈ আৰক্ষীয়ে কয় যে সন্ত্ৰাসবাদীৰ ফালৰ পৰা এই কাম পাকিস্তানত বহি থকা নিয়ন্ত্ৰণকাৰীৰ নিৰ্দেশত হৈছে।

ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্মু–কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কয়, ‘‘সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা এই ঘটনা অতি ঘৃণনীয়। এয়া সন্ত্ৰাস বিয়পোৱা আৰু কাশ্মীৰী সম্প্ৰদায়ক বিভাজিত কৰাৰ চেষ্টা। আমি এই ঘটনাৰ তদন্ত কৰি আছো। আমি আশা ৰাখিছো শীঘ্ৰে এই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য পোহৰলৈ আহিব। এই সকলো সীমান্তৰ সিপাৰে বহি থকা পাকিস্তান হেণ্ডেলাৰ্ছৰ নিৰ্দেশত কৰা হৈছে।’’

শিৱসেনাৰ জম্মু–কাশ্মীৰ অঞ্চলৰ অধ্যক্ষ মনীষ ছাহানীয়ে কয় যে কাশ্মীৰী পণ্ডিতক বাচি বাচি লক্ষ্য কৰি লোৱা হৈছে। ভাৰতীয় সেনাই যি অপাৰেচন অলআউট চলাইছে, তাৰ ফলত সন্ত্ৰাসবাদী ভীতিগ্ৰস্ত হৈ পৰিছে, সেইবাবেই বাচি বাচি মানুহক লক্ষ্য কৰি লোৱা হৈছে। তেওঁ কয় যে ইয়াৰ আঁৰত পাকিস্তানৰ হাত আছে আৰু প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান আপুনি পাকিস্তানৰ ওপৰত ধাৰাবাহিক এয়াৰ ষ্ট্ৰাইক চলাওক।

ভাৰতীয় জনতা পাৰ্টীৰ জম্মু–কাশ্মীৰৰ সভাপতি ৰবিন্দ্ৰ ৰাইনাই কয় যে কাপুৰুষ পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰ ঘাটিক ৰক্তাক্ত কৰিছে। এই জঘন্য ঘটনাৰ বাবে কাপুৰুষ পাকিস্তানীয়ে উচিত প্ৰত্যুত্তৰ পাব।

আনহাতে, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰমন ভাল্লাই চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে কাশ্মীৰত দুদিন ধৰি যি হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে, তাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কিয়নো কাশ্মীৰত প্ৰথমে এটা মন্দিৰ ভাঙি দিয়া আৰু তাৰ পিছত কাশ্মীৰী পণ্ডিতৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ ঘটনাই এয়াই সূচায় যে চৰকাৰে সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে আৰু আজিও দুগৰাকী শিক্ষকক হত্যা কৰিলে। এয়া অতি নিন্দনীয়।

Published by:Sanjay Kumar Das
First published: