Srinagar: শ্ৰীনগৰত এই মাহত তৃতীয়টো এনে আক্ৰমণত নিহত কনিষ্টবল।
Srinagar: শ্ৰীনগৰত এই মাহত তৃতীয়টো এনে আক্ৰমণত নিহত কনিষ্টবল।
মঙলবাৰে শ্ৰীনগৰ (Srinagar)ৰ সৌৰা ( Soura)ত সন্ত্ৰাসবাদীয়ে এজন আৰক্ষী জোৱানক গুলীয়াই হত্যা কৰাৰ লগতে আক্ৰমণত আহত হয় তেওঁৰ ৭ বছৰীয়া কন্যা। কনিষ্টবল (Police Constable) ছাইফুল্লা কাদ্ৰী বুলি চিনাক্ত কৰা পুলিচজন আঞ্চাৰ অঞ্চলৰ সৌৰাত আছিল। জানিব পৰা মতে সন্ত্ৰাসবাদী (Terrorists )য়ে তেওঁক ঘৰতে গুলীয়াই হত্যা কৰিছিল। সন্ত্ৰাসবাদীয়ে ছাইফুল্লা কাদ্ৰী (Saifullah Qadri)ৰ ওপৰত গুলীচালনা কৰাৰ সময়ত তেওঁৰ ৭ বছৰীয়া কন্যাৰ সোঁহাতত গুলী লাগি আঘাতপ্ৰাপ্ত হয়। এতিয়া তাই সুস্থিৰ বুলি জানিব পৰা গৈছে।
ততাতৈয়াকৈ কাদ্ৰীক সৌৰাস্থিত শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সলৈ লৈ যোৱা হয় আৰু তাতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয়।
চলিত মাহত আৰক্ষীৰ ওপৰত সংঘটিত হোৱা এইটো হৈছে তৃতীয়টো ঘটনা। ৭ মে’ত আঞ্চাৰ স্থানীয় অঞ্চলৰ ওচৰৰ আইৱা দলঙত উগ্ৰপন্থীয়ে এজন আৰক্ষীক গুলীয়াই হত্যা কৰাৰ বিপৰীতে ১৩ মে’ত পুলৱামা জিলাত আন এজন আৰক্ষীক গুলীয়াই হত্যা কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|